গুৱাহাটীঃ জীৱনৰ বিয়লি বেলাতো হেৰাই যোৱা নাই জীৱন গঢ়াৰ হেঁপাহ। ৮৭ বছৰ বয়স, যি সময়ত প্ৰায় ভাগ মানুহে বিচনা ধৰে, অৱসৰ সময় কটায় নাতি-নাতিনী সৈতে, সেই বয়সত তনুৰাম দাসে সকলো কাটি কৰি আগবাঢ়ি আহিছে সাহিত্যৰ ক্ষেত্ৰত। লিখি উলিয়াইছে মহাপুৰুষ শংকৰদেৱৰ জীৱন দৰ্শন বিষয়ক এখন পুথি- ‘শ্ৰীমন্ত শংকৰদেৱ দৰ্শন’।
আজি গুৱাহাটী প্ৰেছ ক্লাৱত কে এম পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত এই ‘শ্ৰী মন্ত শংকৰদেৱ দৰ্শন’ পুথি খন উন্মোচন কৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়া আৰু পুথি খনৰ প্ৰকাশক নাৰায়ন চন্দ্ৰ দে’য়ে।