গুৱাহাটীঃ জীৱনৰ বিয়লি বেলাতো হেৰাই যোৱা নাই জীৱন গঢ়াৰ হেঁপাহ। ৮৭ বছৰ বয়স, যি সময়ত প্ৰায় ভাগ মানুহে বিচনা ধৰে, অৱসৰ সময় কটায় নাতি-নাতিনী সৈতে, সেই বয়সত তনুৰাম দাসে সকলো কাটি কৰি আগবাঢ়ি আহিছে সাহিত্যৰ ক্ষেত্ৰত। লিখি উলিয়াইছে মহাপুৰুষ শংকৰদেৱৰ জীৱন দৰ্শন বিষয়ক এখন পুথি- 'শ্ৰীমন্ত শংকৰদেৱ দৰ্শন'। 

আজি গুৱাহাটী প্ৰেছ ক্লাৱত কে এম পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত এই ‘শ্ৰী মন্ত শংকৰদেৱ দৰ্শন’ পুথি খন উন্মোচন কৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়া আৰু পুথি খনৰ প্ৰকাশক নাৰায়ন চন্দ্ৰ দে'য়ে।

পুথি খনত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ বাখ্যাৰ লগতে জগত গুৰুৰ ব্যৱহাৰিক জীৱনৰো উল্লেখ আছে। পুথি খনৰ উন্মোচন কৰি নৱ ঠাকুৰীয়াই কয় যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া হৈছে শংকৰদেৱ৷ 

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ গৰিমা বখানি নৱ ঠাকুৰীয়াই লগতে কোচ ৰজা নৰনাৰায়ণৰ ওচৰত অসমীয়া জাতি সদায় কৃতজ্ঞ বুলি মন্তব্য কৰে৷ কিয়নো অত্যন্ত দুখৰ আৰু প্ৰত্যাহ্বান মূলত জীৱনৰ শেষ বয়সত ৰজাই যদি শংকৰদেৱক আশ্ৰয় নিদিলেহেঁতেন তেতিয়া হয়তো বহু আগেয়ে তেওঁ জীৱন ত্যাগ কৰিলেহেঁতেন৷