newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ এগৰাকী সক্ৰিয় ৰাজহুৱা কৰ্মী, দুৰ্নীতি ভ্ৰষ্টচাৰৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি অহা বিবেক দাসৰ শনিবাৰে এখন গ্ৰন্থ উন্মোচন কৰা হয়৷ সংবাদ মাধ্যমৰ জৰিয়তে হওঁক নতুবা ৰাজপথতে হওঁক অসহায়, দৰিদ্ৰ, শ্ৰমিকৰ হৈ মাত মাতি অহা দাসে ব্যস্ততাৰ মাজতো লিখি উলিওৱা গ্ৰন্থ ‘এজন দেশদ্ৰোহীৰ(?) বক্তব্য’ শনিবাৰে উন্মোচন কৰে লোকশিল্পী লোকনাথ গোস্বামীয়ে৷ 

চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা প্ৰতিবাদী মনৰ কথাবোৰ গ্ৰন্থ আকাৰে প্ৰকাশ কৰি শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰে৷ উন্মোচনী সভাত সভাপতিত্ব কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ বৰাই। গ্ৰন্থখনৰ লেখক দাসে বিজেপি শাসনত অহাৰ পিছৰে পৰা সমগ্ৰ ভাৰতবৰ্ষতে সংঘটিত হোৱা অভূতপূৰ্ব ঘটনা আৰু সামাজিক সমস্যাৰ এক নিৰ্মোহ বিশ্লেষণ দাঙি ধৰাৰ চেষ্টা কৰে গ্ৰন্থৰ জৰিয়তে।

লাভ জেহাদ, দাদাৰী কাণ্ড, গো-হত্যা, দলিত হত্যা, সাম্প্ৰদায়িক হিংসা, বিমুদ্ৰাকৰণ, নগদবিহীন অৰ্থনীতি, কেচলেচ ইকনমিলৈকে গ্ৰন্থখনত বৰ্ণনা দিয়া হয় আৰু ইয়াৰ দ্বাৰা জনগণৰ কেনেদৰে ক্ষতিৰ সন্মুখিন হৈছে সেই কথাকেই প্ৰকাশ কৰিছে।

উন্মোচনী সভাত অংশগ্ৰহন কৰে জ্যেষ্ঠ সাংবাদিক মণজিৎ মহন্ত, কমল কুমাৰ মেধী, চিপিআই এম-এলৰ ৰাজ্যিক সম্পাদক পংকজ কুমাৰ দাস, লেখক কিশোৰ কুমাৰ কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু অনুৰাধা শৰ্মা উপস্থিত থাকে। গ্ৰন্থখনৰ লেখক বিবেক দাস চি পি আই (এম-এল)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য।