42
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথৰ লগতে গ্ৰাম্যপথ বোকা-পানীৰে একাকাৰ হৈ পৰাত সম্প্ৰতি যাতায়াত ব্যাহত হৈ পৰিছে।
ৰাইজে অভিযোগ কৰা মতে, এই পথকেইটাৰে নিতৌ অঞ্চটোৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীকে ধৰি ব্যৱসায়ী, কৰ্মচাৰী, পথচাৰী অহা-যোৱা কৰে আৰু তেওঁলোক ভীষণ হাৰাশাস্তি সম্মুখীন হৈছে।