♦ টি জি বৰুৱা কাৰাটেত বৰপেটা জিলাৰ সাফল্য

বৰপেটাঃ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত টি জি বৰুৱা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত বৰপেটা জিলাই সফলতা দেখুৱাবলৈ সক্ষম হয়৷ 

প্ৰতিযোগিতাখনত বৰপেটা জিলা দলে ৭টা সোণ, ২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১০ টা পদকেৰে প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে৷ কামৰূপ (মহানগৰ) আৰু যোৰহাট জিলাই প্ৰথম দুটা স্থান লাভ কৰিছে।

বৰপেটাৰ প্ৰতিভাবান কাৰাটে খেলুৱৈ হানি আলী প্ৰতিযোগিতাত স্বৰ্ণ লাভ কৰা সকলৰ মাজত হোৱা খেলতো বিজয়ী হৈ শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ বৰপেটা জিলা দলটোৰ সাফল্যত বৰপেটাৰ স্থানীয় বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা জিলা কাৰাটে ড’ সন্থাৰ সভাপতি তথা জনীয়াৰ বিধায়ক আব্দুল খালেক, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যকাৰী সভাপতি পুলেন্দ্ৰ দাস, তথ্য-প্ৰচাৰ-পত্ৰিকা সম্পাদক মফিদুল হক, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলাৰ সমিতিৰ সভাপতি আতিকুল হকে খেলুৱৈসকলক শুভেচ্ছা জনাই তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে।