বৰপেটা: বৰপেটাৰ কিছুমান অঞ্চললৈ গ'লে পাকিস্তান সদৃশ যেন লাগে বুলি কোৱাতে ক্ষান্ত নাথাকি এইবাৰ জনিয়া-কলগাছিয়াত ৰমজানৰ নামত এমাহ দোকান-পোহাৰ বন্ধ ৰখা হয় বুলি আন এক বিতৰ্কিত মন্তব্য আগবঢ়াইছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷

বিজেপি নেতাগৰাকীৰ মতে বৰপেটা জিলাৰ মুছলমান অধ্যুষিত অঞ্চল জনীয়া-কলগাছিয়াক এতিয়াও অসমীয়া কৃষ্টি-সংস্কৃতিয়ে প্ৰভাৱিত কৰিব পৰা নাই৷ বৃহস্পতিবাৰে বৰপেটা জিলাৰ বহৰিত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰঞ্জিত দাসে৷

উজনি অসমত অসমীয়া কৃষ্টি-সংস্কৃতিৰ পয়োভৰ দেখিবলৈ পোৱাৰ বিপৰীতে নামনি অসমৰ ধুবুৰী আৰু বৰপেটাৰ একাংশ অঞ্চললৈ গ'লে নিজকে অসমীয়া যেন নালাগে বুলি মত পোষণ কৰে ৰঞ্জিত দাসে৷

ৰমজানৰ নামত এমাহ ধৰি দোকান-পোহাৰ বন্ধ ৰখা এইখন অসম বা ভাৰতৰ কোনো অঞ্চললৈ গ'লে আপোনাৰ কেনে লাগিব বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে৷ আনহাতে বৰপেটাক পাকিস্তান বুলি কোৱাৰ অভিযোগত ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে বুলি সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰত্যুত্তৰ দিবলৈ গৈ গৌৰৱ গগৈক অসমীয়া আৰু ভাৰতীয় স্বাভিমান নথকা ব্যক্তি বুলি অভিহিত কৰে বিজেপি নেতাগৰাকীয়ে৷

গৌৰৱ গগৈক শুদ্ধকৈ অসমীয়া ক'ব নজনা বুলিও তেওঁ কটাক্ষ কৰে৷ ইপিনে ৰাজনৈতিক বিশ্লেষকসকলৰ মতৰ বিপৰীতে গৈ বৰপেটা লোকসভা সমষ্টিত এআইইউডিএফ প্ৰাৰ্থী ৰফিকুল ইছলামৰ লগতহে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰঞ্জিত দাসে৷

কুমাৰ দীপক দাসক সংখ্যালঘু ৰাইজে আঁকোৱালি লোৱা বুলি উল্লেখ কৰি প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত বুলি তেওঁ দাবী কৰে৷