কলিয়াবৰঃ বক্সিঙৰ ৰিঙত প্ৰতিপক্ষক ধৰাশয়ী কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰাজ্যৰ এগৰাকী যুৱকে৷ ৰাজস্থানৰ আলবৰত অনুষ্ঠিত ৱ’ল্ড মিক্স বক্সিঙত দ্বিতীয় স্থান দখল কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ যুৱক ত্ৰিশূল ভূঞাই৷ 

ৰাজ্যৰ আগশাৰীৰ বক্সিং খেলুৱৈ ত্ৰিশূল ভূঞাই ৱ’ল্ড মিক্স বক্সিং চেম্পিয়নচিপত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ কলিয়াবৰৰ কুৱাৰীটোলৰ নিবাসী হীৰেন ভূঞাৰ পুত্ৰ ত্ৰিশূল ভূঞা৷ 

ৰাজস্থানৰ আলবৰত অনুষ্ঠিত হৈ যোৱা ৱ’ল্ড মিক্স বক্সিং চেম্পিয়নচিপত অসমৰ লগতে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ মিক্স বক্সিং চেম্পিয়নচিপত দ্বিতীয় স্থান দখল কৰা ত্ৰিশূল বৰ্তমান অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত৷ কলিয়াবৰৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ লগতে ব্লেক বেল্ট প্ৰাপ্ত সমৰকলাবিধ ত্ৰিশূলে কলিয়াবৰৰ ৱ'ল্ড চেল্ফ ডিফেন্স কিক বক্সিং কাৰাটে প্ৰশিক্ষণ চেণ্টাৰত ৰাজা গুপ্তাৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।