64
কলিয়াবৰঃ বক্সিঙৰ ৰিঙত প্ৰতিপক্ষক ধৰাশয়ী কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰাজ্যৰ এগৰাকী যুৱকে৷ ৰাজস্থানৰ আলবৰত অনুষ্ঠিত ৱ’ল্ড মিক্স বক্সিঙত দ্বিতীয় স্থান দখল কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ যুৱক ত্ৰিশূল ভূঞাই৷
ৰাজ্যৰ আগশাৰীৰ বক্সিং খেলুৱৈ ত্ৰিশূল ভূঞাই ৱ’ল্ড মিক্স বক্সিং চেম্পিয়নচিপত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ কলিয়াবৰৰ কুৱাৰীটোলৰ নিবাসী হীৰেন ভূঞাৰ পুত্ৰ ত্ৰিশূল ভূঞা৷