Home ক্ৰীড়ানলবাৰীত বক্সিঙ খেলুৱৈ সম্বৰ্ধনা অনুষ্ঠান

নলবাৰীত বক্সিঙ খেলুৱৈ সম্বৰ্ধনা অনুষ্ঠান

by News Desk
A+A-
Reset
3103364e-8761-4528-a827-4d4fcab25eaf

newsnextone.com| নলবাৰীঃ নলবাৰী জিলা এমেচাৰ বক্সিঙ এচোচিয়েচনৰ উদ্যোগত নলবাৰী সংস্কৃত কলেজ প্ৰাংগনত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়৷ যোৰহাটত হৈ যোৱা আন্তঃ জিলা চাব জুনিয়ৰ আৰু জুনিয়ৰ বক্সিঙ প্ৰতিযোগিতাত নলবাৰী জিলাৰ পদক বিজয়ী খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত সভা খনত সভাপতিত্ব কৰে নলবাৰী জিলা এমেচাৰ বক্সিঙ এচোচিয়েচনৰ সভাপতি ৰঞ্জিত বৰ্মনে। 

সভাখনত অসম এমেচাৰ বক্সিঙ এচোচিয়েচনৰ সভাপতি কালিকান্ত বড়ো ‘ সাধাৰণ সম্পাদক হেমন্ত কলিতা সাংগঠনিক সম্পাদক অঞ্জন বৰঠাকুৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ যুটীয়া সঞ্চালক তথা অসমৰ প্ৰথম গৰাকী ৰাষ্ট্ৰীয় বক্সিঙ খেলুৱৈ পদুম বড়ো আৰু বিশিষ্ট শিক্ষাবিদ দিনমনি ভাগৱতী দেবে। যোৰহাটত হৈ যোৱা আন্তঃ জিলা চাব জুনিয়ৰ আৰু জুনিয়ৰ বক্সিঙ প্ৰতিযোগিতাত নলবাৰী জিলাৰ হৈ পোন প্ৰথমবাৰৰ বাবে যোগ দান কৰি চাব জুনিয়ৰ ত দিপাংকৰ বৰ্মন আৰু জুনিয়ৰত তুষাৰ বৰ্মনে ব্ৰঞ্জ মেডেল লাভ কৰিব সক্ষম হৈছিল। দুয়ো জনৰ লগতে কৃৰ্তি বক্সিঙ খেলুৱৈ আকাশ দাস বিজিত দাস আৰু অসমৰ বিশিষ্ট কিক বক্সিঙ খেলুৱৈ জয়ন্ত শৰ্মা প্ৰাক্তন খেলুৱৈ পৰেশ বৰ্মনকো সম্বৰ্ধনা জনোৱা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0