ডিজিটেল ডেস্কঃ প্ৰত্যাশা পূৰণ হ'ল ব্ৰিটেইনৰ স্কট পাৰ্কাৰৰ। দেশখনৰ প্ৰথমজন পুৰুষ হিচাপে তেওঁ প্ৰসৱ কৰিলে এটি সন্তান।

অৱশেষত তেওঁ মাতৃ হল এটি কন্যা সন্তানৰ। মাতৃ হ'বলৈ ব্যাকুল পুৰুষজনৰ ইচ্ছা পূৰণ কৰিলে আধুনিক বিজ্ঞানে।

ব্ৰিটেইনৰ প্ৰথম পুৰুষ মাতৃ পাৰ্কাৰ অৱশ্যে জন্মগতভাৱে মহিলাহে। পিছে প্ৰাপ্তবয়স্ক হৈ লিংগ পৰিৱৰ্তন কৰিছিল তেওঁ। শেহতীয়াকৈ তেওঁ মাতৃত্ব অৰ্জনৰ বাবে পুনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে। পাৰ্কাৰে জন্ম দিয়া কন্যাৰ নাম হৈছে ছাৰা।

পুৰুষ মাতৃ পাৰ্কাৰৰ গৰ্ভাশয়ত ডাক্তৰে অস্ত্ৰোপচাৰৰ জৰিয়তে বীৰ্য স্থাপন কৰিছিল। এই খবৰে আলোড়িত কৰিছে সমগ্ৰ বিশ্বক।