ডিজিটেল ডেস্কঃ এয়াৰটেল, ভোডাফোনৰ পিছত এইবাৰ বিএছএনএলে নতুন টেৰিফেৰে গ্ৰাহকক আকৰ্ষিত কৰাৰ চেষ্টা কৰা দেখা গৈছে৷ ৯০ দিনৰ ভেলিডিটিৰ সৈতে এইবাৰ ৩৩৩ ৰপৰা ৩৯৫ টকাৰ ভিতৰত ডাটা প্লেন আগবঢ়োৱাৰ পৰিকল্পনা লৈছে বিএছএনএলে৷

ট্ৰিপল এচ নামৰ এই প্লেনটোত গ্ৰাহকক ৩৩৩ টকাতে দিয়া হৈছে ৩ জিবিলৈকে প্ৰতিদিনে ৩জি ডাটা৷ আকৌ ৩৪৯ টকাত দিল খোল কে ব’ল অফাৰত আনলিমিটেড স্থানীয় আৰু এছিটিডি কল আৰু প্ৰতিদিনে ২ জিবি ৩জি ডাটা দিয়া হৈছে৷ আকৌ নেহলে পে ডেহলা প্লেনত ৩৯৫ টকাত দিয়া হৈছে ২ জিবি ৩জি ডাটা প্ৰতিদিন৷