কোকৰাঝাৰঃ কোকৰাঝাৰত ইউপিপিএল দলৰ চাৰি প্ৰাৰ্থী ক্ৰমে প্ৰতিভা ব্ৰহ্মই বাওখুংগ্ৰী সমষ্টিত, হিতেশ মুছাহাৰীয়ে ছালাকাটি সমষ্টিত, বুদ্ধদেৱ মুছাহাৰীয়ে দেৱৰগাঁও সমষ্টিত, ৰবিৰাম ব্ৰহ্মই বনৰগাঁও সমষ্টিৰ বাবে আজি নিজ নিজ মনোনয়নপত্ৰ সমষ্টিৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত দাখিল কৰে৷ সদ্যহতে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ দখলত থকা কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও সমষ্টিৰ বাবে নিজ মনোনয়ন দাখিল কৰি বুদ্ধদেৱ মুছাহাৰীয়ে জয় নিশ্চিত বুলি দাবী কৰে৷ 

‘এইবাৰ হাগ্ৰামাৰ পতন নিশ্চিত৷ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবেই হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও সমষ্টি এৰি আজি কচুগাঁও সমষ্টিলৈ যাবলগা হৈছে৷ হাগ্ৰামাৰ এতিয়া উপায় নোহোৱা হৈছে৷ কাইলৈ হয়তো ওদালগুৰিলৈও যাবলগীয়া হ’ব।’- তৃণমূল পৰ্যায়ৰ পৰাই এইবাৰ পৰিবৰ্তনৰ ঢৌ উঠা বুলি দাবী কৰি এইদৰে কয় বুদ্ধদেৱ মুছাহাৰীয়ে৷

ইউপিপিএলৰ আন এগৰাকী প্ৰাৰ্থী তথা সমাজকৰ্মী প্ৰতিভা ব্ৰহ্ময়ো আজি হাজাৰ হাজাৰ দলীয় কৰ্মী, সমৰ্থকক লগত লৈ ঢোলে-ডগৰে আহি নিজৰ মনোনয়নপত্ৰ দাখিল কৰে। প্ৰতিভা ব্ৰহ্মই সাংবাদিকৰ আগত নিজৰ জয় নিশ্চিত বুলি দাবী কৰি মূল যুঁজ সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী ধনেশ্বৰ গয়াৰীৰ সৈতে হ’ব বুলি সদৰী কৰে৷ 

‘ৰাইজে পৰিৱৰ্তন আৰু দুৰ্নীতিমুক্ত চৰকাৰ বিচাৰিছে৷ এইবাৰ ৰাইজে আমাক লৈ বহুত আশা কৰিছে৷ ৰাইজৰ আশীষ শিৰত লৈয়ে আমাৰ দলে চৰকাৰ গঠন কৰিব৷’-ইউপিপিএলৰ প্ৰাৰ্থী তথা দলটোৰ উপ-সভানেত্ৰী প্ৰতিভা ব্ৰহ্মৰ আশাব্যঞ্জক মন্তব্য৷

আনহাতে, গণ সুৰক্ষা পাৰ্টীৰ পৰা মনোজ ৰাভাই আজি দেবৰগাঁও সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। হাগ্ৰামা মহিলাৰীৰ দখলত থকা দেবৰগাঁও সমষ্টিত মনোনয়ন দাখিল কৰি নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৰাভাই। বিটিচিত এইবাৰ গণ সুৰক্ষা পাৰ্টীয়ে ২৫ৰ পৰা ৩০ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব আৰু চৰকাৰ গঠন হ’লে নৱ কুমাৰ শৰণীয়া চীফ হ’ব বুলি মন্তব্য কৰে দেৱৰগাঁও সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী মনোজ ৰাভাই। 

উল্লেখ্য যে, অহা ৪ এপ্ৰিলত বিটিএডিত মুঠ ৪০ টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব পৰিষদীয় নিৰ্বাচন। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব অহা ৮ এপ্ৰিলত। ইতিমধ্যে কৰ'না ভাইৰাছৰ আতংকৰ মাজতে সমগ্ৰ বিটিএডিতে নিৰ্বাচনক লৈ ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ লগতে ভোটাৰ ৰাইজৰ মাজতো দেখা গৈছে ব্যাপক উৎসাহ।