Home ৰাজ্যতুংগত BTAD নিৰ্বাচন! কোকৰাঝাৰত UPPLৰ চাৰি প্ৰাৰ্থীৰ মনোনয়ন দাখিল

তুংগত BTAD নিৰ্বাচন! কোকৰাঝাৰত UPPLৰ চাৰি প্ৰাৰ্থীৰ মনোনয়ন দাখিল

by News Desk
A+A-
Reset
uppl vot

কোকৰাঝাৰঃ কোকৰাঝাৰত ইউপিপিএল দলৰ চাৰি প্ৰাৰ্থী ক্ৰমে প্ৰতিভা ব্ৰহ্মই বাওখুংগ্ৰী সমষ্টিত, হিতেশ মুছাহাৰীয়ে ছালাকাটি সমষ্টিত, বুদ্ধদেৱ মুছাহাৰীয়ে দেৱৰগাঁও সমষ্টিত, ৰবিৰাম ব্ৰহ্মই বনৰগাঁও সমষ্টিৰ বাবে আজি নিজ নিজ মনোনয়নপত্ৰ সমষ্টিৰ ৰিটাৰ্নিং বিষয়াৰ ওচৰত দাখিল কৰে৷ সদ্যহতে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ দখলত থকা কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও সমষ্টিৰ বাবে নিজ মনোনয়ন দাখিল কৰি বুদ্ধদেৱ মুছাহাৰীয়ে জয় নিশ্চিত বুলি দাবী কৰে৷ 

‘এইবাৰ হাগ্ৰামাৰ পতন নিশ্চিত৷ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবেই হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও সমষ্টি এৰি আজি কচুগাঁও সমষ্টিলৈ যাবলগা হৈছে৷ হাগ্ৰামাৰ এতিয়া উপায় নোহোৱা হৈছে৷ কাইলৈ হয়তো ওদালগুৰিলৈও যাবলগীয়া হ’ব।’- তৃণমূল পৰ্যায়ৰ পৰাই এইবাৰ পৰিবৰ্তনৰ ঢৌ উঠা বুলি দাবী কৰি এইদৰে কয় বুদ্ধদেৱ মুছাহাৰীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0