কোকৰাঝাৰঃ কোকৰাঝাৰৰ যুৱ ব্যৱসায়ী ৰঞ্জিত দত্তক বিনা চৰ্তে আৰু সুস্থ্য শৰীৰে মুকলি কৰি দিয়াৰ দাবীত তথা অপহৰণৰ ছদিন পাছতো অপহৃতক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে দেখুওৱা ব্যৰ্থতাৰ প্ৰতিবাদত সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেছনে আজি বিটিএডি এলেকাত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত আজি পুৱাৰে পৰা শ শ প্ৰতিবাদকাৰীয়ে ৩১নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যান-বাহনৰ চলাচল স্তব্ধ কৰি দিয়ে। ফলত বহিঃৰাজ্যৰ পৰা অসম অভিমুখী ট্ৰাকসমুহ শ্ৰীৰামপুৰ আন্ত:ৰাজ্যিক তালাচী চকীতে আৱদ্ধ হৈ পৰে।
শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, যান-বাহনৰ চলাচল স্তব্ধ।