গুজৰাটঃ দেশত ক্ৰমাৎ বৃ্দ্ধি পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। দেশখনৰ বিভিন্ন স্থানত নৃশংস সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট আব ছিৰিয়া আৰু ইৰাক চমুকৈ আইছিছে ঘাটি পাতি কূটাঘাটৰ পৰিকল্পনা কৰা বিষয়কলৈ সন্ত্ৰস্ত হৈ থকাৰ সময়তে দুজনকৈ সন্দেহযুক্ত আইছিছ সদস্যক আটক কৰিবলৈ সক্ষম হৈছে গুজৰাটৰ এণ্টি-টেৰৰিজিম স্কোৱাডে।
গুজৰাটৰ আটচবাজীৰ কাৰখানাৰপৰা ৰাসায়নিক বিস্ফোৰকৰ সন্ধানত ওলোৱা উগ্ৰপন্থী সংগঠন আইছিছৰ সদস্যদ্বয় ক্ৰমে ৱাছিম আৰ নায়েমক ৰাজকোট আৰু ভাৱনাগৰ এলেকাৰপৰা গ্ৰেপ্তাৰ কৰে। সন্দেহযুক্ত সন্ত্ৰাসবাদী দুজনে চচিয়েল মিডিয়াৰ যোগেদি আইছিছৰ সৈতে যোগসুত্ৰ ৰক্ষা কৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।