কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ জাংকৃথাই পথাৰত যোৱা ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এবছুৰ ৪৯ সংখ্যাক বাৰ্ষিক অধিৱেশন তথা সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আজি তৃতীয়দিনা অধিৱেশনথলীত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয় । তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি স্বৰ্ণজ্বয়ন্তী মাৰাথন দৌৰ প্ৰতিযোগিতা পুৱা ৫:৩০ বজাত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক মনমোহন বড়োই ফ্লেগ অফ কৰাৰ পিছত ৯:৩০ বজাৰ পৰা আৰম্ভ হয় এবছুৰ বহুচৰ্চিত ৰাষ্ট্ৰীয় আলোচনাচক্ৰ।
১৬খন মঞ্চত ১৬ টা বিষয়ৰ ওপৰত ৰাষ্ট্ৰীয় আলোচনাচক্ৰ