newsnextone.com | কোকৰাঝাৰঃ দুগৰাকী ইতিহাসবিদে নিজৰ লিখনিত বড়ো উগ্ৰপন্থী বুলি লিখি লিখনি প্ৰকাশ কৰাত সোচ্চাৰ হৈ পৰিছে বড়ো জনগোষ্ঠীক সচেতন সমাজ৷ বিখ্যাত বুৰঞ্জীবিদ তথা লেখক ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাই খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰদান কৰাত বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰতিবাদৰ জোৱাৰ উঠিছে।
প্ৰসিদ্ধ লেখকেদ্বয়ে তেওঁলোকৰ দ্বাৰা এনডিএফবি উগ্ৰপন্থীৰ ওপৰত লিখিত এক অধ্যায়ত সমস্ত বড়ো জাতিটোকে সাঙুৰি লৈ কৰা আপত্তিজনক লিখনিৰ প্ৰতিবাদতে আজি বিয়লি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে লেখকদ্বয়ৰ বিৰুদ্ধে বিশ্ববিদ্যালয় চৌহদত হাতে হাতে বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদ সাৱস্ত কৰে।