কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে কোকৰাঝাৰ জিলাৰ ভাৰত-ভুটান সীমান্তৰ সৰলপাৰাস্থিত জীয়াং চুব ছয়লিং বুদ্ধ মন্দিৰতো বুদ্ধ পুৰ্ণিমা উৎসৱ তথা ভগৱান বুদ্ধৰ ২৫৬২ তম জন্ম জয়ন্তী উলহ মালহেৰে উদযাপন কৰা হয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বুদ্ধ ধৰ্মীয় লোকৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, চিকিম, বেংগল আৰু স্থানীয় বহু বুদ্ধধৰ্মী লোকৰে ভৰি পৰে সৰলপাৰাস্থিত ঐতিহ্য মণ্ডিত জীয়াং চুব ছয়লিং বুদ্ধ মন্দিৰ। 

চিকিমৰ পৰা অহা বুদ্ধ গুৰু দ্ৰুবগুদ লামাই পুৰোহিত হিচাপে উপস্থিত থকা অনুষ্ঠানত ভক্তসকলে বৌদ্ধ মন্ত্ৰ উচ্চাৰণ কৰি গৌতম বুদ্ধক আৰধনা কৰে। ঐতিহ্য মণ্ডিত বুদ্ধ মন্দিৰ চৌহদৰ পৰা বহু সংখ্যক বুদ্ধ ধৰ্মাৱলম্বী ৰাইজে হাতে-হাতে ধৰ্মৰ গ্ৰন্থ লৈ সৰলপাৰা অঞ্চল পৰিভ্ৰমন কৰি শান্তি, সম্প্ৰীতিৰ বাৰ্তা বিলোৱা পৰিলক্ষিত হয়। 

সকলো ভক্তই ভগৱান বুদ্ধৰ পূজা অৰ্চনা কৰে। ইয়াৰ পিছতে বুদ্ধ গুৰু দ্ৰুবগুদ লামাৰ উপস্থিতিত ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। ধৰ্মালাচনী সভাত আমন্ত্ৰিত অতিথিৰূপে ১২ শিখলাই সেনাৰ কেপ্তেইন বিকাশ চেৰাউন সহ এছএছবিৰ বিষয়া আৰু গোৰ্খা জনগোষ্ঠীয় বিভিন্ন সংগঠনৰ নেতা কৰ্মীয়ে উপস্থিত থাকে।