ডিজিটেল ডেস্কঃ ফেচবুকৰ পাছত এইবাৰ তথ্য ফাদিল হোৱাৰ প্ৰতিবেদন প্ৰকাশ পাইছে টুইটাৰৰ। ইউজাৰৰ গোপনীয়তাক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে৷ ডেটা ক্ৰয় কৰা প্ৰতিষ্ঠানটোৰ নাম আপুনি নুশুনা নহয়। ফেচবুকৰ ডেটা যিয়ে ক্ৰয় কৰিছিল, সেই প্ৰতিষ্ঠানটোৱেই টুইটাৰৰো ডেটা ক্ৰয় কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। নাম কেম্ব্ৰিজ এনালিটিকা।
টুইটাৰৰ ডেটা লিক্ হোৱাৰ এই প্ৰতিবেদন মতে কেম্ব্ৰিজৰ বাবে কাম কৰা আৰু ফেচবুকৰ ডাটা ফাদিল কৰা লোকজন হৈছে আলেকজেণ্ডাৰ ক’গন৷ উল্লেখযোগ্য যে ২০১৫ চনতে ক’গনে মাইক্ৰব্ল’গিঙ চাইটৰ টুইটাৰৰ পৰা ব্যৱহাৰকাৰীৰ ডেটা ক্ৰয় কৰে৷ তাৰ বাবে ব্যৱহাৰ কৰা হৈছিল জিএচআৰ নামৰ এখন ব্যৱসায়িক ফাৰ্মৰ। সেই ফাৰ্মখনৰ মাধ্যমেৰে টুইটাৰৰ সকলো ডেটা ক্ৰয় কৰা হৈছিল৷