ডিজিটেল ডেস্কঃ বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোডী চৰকাৰে তেওলোকৰ কাৰ্যকালৰ অন্তিম খন বাজেট বৃহস্পতিবাৰে সংসদত দাখিল কৰে৷ অন্তিম পূৰ্ণ বাজেট খনে কি পৰিৱৰ্তন কৰিব৷ দেশৰ কৃষক, দৰিদ্ৰ, যুৱক, গৃহিনী, সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে আশাৰ নতুন সঞ্চাৰ কৰিব বুলি চৰকাৰে কব খোজে৷
বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে মোডী চৰকাৰৰ অন্তিম পূৰ্ণ বাজেটত বহু যোজনাৰ কথা ঘোষণা কৰে৷ জেটলীয়ে কৃষকৰ কাৰণে প্ৰয়োজন হোৱা লাঘৱ মূল্যৰ পৰা ৫০ শতাংশ বেছি কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ মোডী চৰকাৰৰ এনে পৰিকল্পনাই দেশৰ আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন আনিব পাৰিব বুলি ব্যাপক চৰ্চা হৈছে৷ সংসদত আগবঢ়োৱা বাজেট ভাষণত দিয়া প্ৰতিশ্ৰুতিৰ অন্যতম কেইটা উল্লেখ কৰা হ’ল৷