Home ৰাজ্যবোকাখাত উকীল সন্থাৰ “ৰেঙনি” উন্মোচন ৷

বোকাখাত উকীল সন্থাৰ “ৰেঙনি” উন্মোচন ৷

by News Desk
107 views
A+A-
Reset

newsnextone.com।কাজিৰঙা: অৱশেষত বোকাখাত অধিবক্তা সকলৰ এক দীৰ্ঘদিনীয়া স্বপ্ন বাস্তৱত পৰিণত হ’ল। অধিবক্তাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈয়ো বহু কষ্টৰ পাছত ফচল লাভ কৰিলে বোকাখাত উকীল সন্থাই । অধিবক্তা সকলৰ এই কষ্টৰ ফচল হৈছে “ৰেঙনি” ৷ বোকাখাত উকীল সন্থাৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন দ্বিভাষিক পত্ৰিকা “ৰেঙনি” উন্মোচন হ’ল বোকাখাতত। শনিবাৰে বিয়লি বোকাখাত ন্যায়াধীশ দণ্ডাধীশ আদালত প্ৰাঙ্গণত বিশিষ্ট নাগৰিক বাবুলাল ম’ৰ সভাপতিত্ব অনুষ্ঠানত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহকুমা ন্যায়িক দণ্ডাধীশ, প্ৰথম শ্ৰেণী ন্যায়িক দণ্ডাধীশ, অধিবক্তা আৰু বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত উন্মোচন কৰা হয় “ৰেঙনি”। উল্লেখ্য যে, কলা কোট পৰিধানকাৰী অধিবক্তা সকলৰ মাজত কবি- সাহিত্যিকৰ প্ৰতিভা যে আছে তাকেই প্ৰমান কৰিছে এই দ্বিভাষিক পত্ৰিকাখনে। বোকাখাত উকীল সন্থাৰ সভাপতি দিপালী হাজৰিকাৰ সম্পাদনাত প্ৰাণ পায় উঠা এই পত্ৰিকাখনত দণ্ডাধীশৰ লগতে অধিবক্তা সকলৰ আইন সংগত লেখনি, প্ৰবন্ধ, ছুটি গল্প, কবিতা আদি প্ৰকাশ পাইছে। এই পত্ৰিকাখনত প্ৰকাশ পোৱা আইন সংগত লেখনি সমূহ অধ্যয়ন কৰিলে ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি জানিবলৈ দিয়ে সম্পাদক তথা জেষ্ঠ্য অধিবক্তা দিপালী হাজৰিকাই। উল্লেখযোগ্য যে, এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বোকাখাত মহকুমাৰ ন্যায়িক দণ্ডাধীশ নূপুৰ চন্দ্ৰ ভূঞ, মহকুমা প্ৰধান শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ সন্দীপ কৌশিক, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্ম্মা ৰাজখোৱা, বোকাখাত উকীল সন্থাৰ সম্পাদক জগত চন্দ্ৰ কলিতা, কাজিৰঙাৰ জেষ্ঠ্য সাংবাদিক ৰঞ্জিত ৰজক আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0