ঢেকীয়াজুলিঃ শুকুৰবাৰে নিশা শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষীথানাৰ অন্তৰ্গত এৰাসুঁতিত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ ভাৰতীয় নাগৰিক পঞ্জীৰ নথি প্ৰমাণৰ বাবে সাক্ষ্য প্ৰদান কৰি ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই পথ দুৰ্ঘটনা৷
জানিব পৰা মতে, শুকুৰবাৰে ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত চিৰাজুলি অঞ্চলৰ এটি পৰিয়ালে নগাঁও জিলাৰ ৰূপহীৰ এটা সেৱা কেন্দ্ৰত এনআৰচিৰ শুনানি প্ৰদান কৰিবলৈ গৈছিল৷ সন্ধিয়া তেওঁলোকে শুনানি প্ৰদান কৰি এখন এএছ-১২এচি-২০৭৩ নম্বৰৰ বাছেৰে গৃহাভিমুখে ৰাওনা হয়৷ কিন্তু ঠেলামৰা আৰক্ষীথানাৰ অন্তৰ্গত এৰাসুঁতিত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে৷ ফলত বাছখনৰ ভিতৰত থকা ৫০ গৰাকী যাত্ৰী গুৰুত্বৰ ভাৱে আহত হয়৷