গুৱাহাটীঃ শুকুৰবাৰে কেন্দ্ৰীয় লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে৷ এই পৰীক্ষাত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকী মেধাবী ছাত্ৰ-ছাত্ৰী সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠে৷
ৰাজ্যৰ নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ পুত্ৰ আৰণ্যক, ৰাজ্যৰ প্ৰাক্তন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ফণীধৰ কলিতাৰ কন্যা বিপাশাকে ধৰি কেইবাগৰাকী মেধা ছাত্ৰ-ছাত্ৰীয়ে উজলি উঠে৷ ২০১৬ বৰ্ষত ১০৫৮নং স্থান লাভ কৰি উত্তীৰ্ণ হোৱা মনোজ বড়োৱে এইবেলি ৭৯৫নং স্থানলৈ আহি উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হয়৷