ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক উভতি ধৰিলে প্ৰাক্তন বিশ্ব সুন্দৰী ডায়েনা হেডেনে৷ মই এগৰাকী গৰ্বিত বাদামী বৰণৰ ভাৰতীয় বুলি কৈ বিপ্লৱ কুমাৰ দেৱক উভতি ধৰে৷ ১৯৯৭ চনত বিশ্ব সুন্দৰীৰ খিতাপ অৰ্জন কৰাত বিফল হৈছিল ডায়েনা হেডেনে৷
মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ঐশ্বৰ্য ৰায়ক প্ৰকৃত ভাৰতীয় সুন্দৰী আখ্যা দিছিল৷ মহাভাৰতৰ যুগৰ পৰা ইণ্টাৰনেট সেৱা আছিল বুলি বিতৰ্কৰ সূচনা কৰাৰ পিছত পুনৰ বিশ্ব সুন্দৰী ডায়েনা হেডেন বিশ্ব সুন্দৰী হোৱাৰ যোগ্য নাছিল বুলি কোৱাৰ লগতে নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰে বিপ্লৱ দেৱে৷