পাঞ্জাবাৰীঃ গুৱাহাটী মহানগৰীৰ এটি পেট্ৰ'ল পাম্পত চলিছে দূৰণিবটীয়া যাত্ৰীক লৈ ব্যৱসায়৷ পেট্ৰ'ল পাম্পটোত অবৈধ টিকট কাউন্টাৰ খুলি চলাই গৈছে ৰমৰমীয়া ব্যৱসায়৷ মহানগৰীৰ বশিষ্ঠৰ ৰাজ পেট্ৰল পাম্পত অবৈধ বাছ আস্থানৰ লগতে অবৈধ টিকট কাউন্টাৰ খুলি যাত্ৰী উঠা-নমা কৰি অহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

পেট্ৰ'ল পাম্পটোত নামনি অসমৰ বিভন্ন অঞ্চলৰ পৰা অহা বাছ, উইংগাৰ, ট্ৰেভেলাৰ আদিয়ে তেল ভৰোৱাৰ অচিলালৈ চৌহদতে গাড়ীবোৰ ৰখাই সম্প্ৰতি অস্থায়ী বাছ আস্থান গঢ়ি তোলা পৰিলক্ষিত হৈছে। ইয়াৰোপৰি পেট্ৰ'ল পাম্পটোত গঢ় লৈ উঠিছে বহু কেইটা অবৈধ টিকট কাউন্টাৰ। এই কাউন্টাৰসমূহে বিভিন্ন সময়ত যাত্ৰীৰ পৰা মাত্ৰাধিক টকা লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।

উজনিমুৱা নৈশ বাছসমূহেও ডিপোটোত তেল ভৰোৱাৰ চলেৰে যাত্ৰী উঠা-নমোৱা কৰে। প্ৰশাসনৰ অগোচৰে তেল ডিপোটোক তেলৰ গ্ৰাহক বঢ়োৱাৰ স্বাৰ্থতে বাছ আস্থানলৈ পৰ্যবসিত কৰাৰ অভিযোগ উঠিছে। তেল ডিপোত এনেদৰে অবৈধ বাছ আস্থান গঢ় লৈ উঠাৰ ফলত পথত তীব্ৰ যান-জঁটৰো সৃষ্টি হোৱা দেখা গৈছে।

তেল ডিপোটোৰ এনে অনিয়ম সন্দৰ্ভত স্বেচ্ছাসেৱী অনুষ্ঠান ‘পিপলছ ৱেলফেয়াৰ ফৰামে’ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক কেইদিনমান পূৰ্বে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। স্মাৰক পত্ৰত অনুজ্ঞাপত্ৰ নোহোৱাকৈ তেল ডিপোটোত থকা অবৈধ টিকট কাউন্টাৰ আৰু বাছ আস্থান উচ্ছেদ কৰাৰ লগতে বশিষ্ঠ চাৰিআলিত সৃষ্টি হোৱা যান-জঁট নিয়ন্ত্ৰনৰ দাবী উত্থাপন কৰিছিল। কিন্তু বৰ্তমানলৈ জিলা উপায়ুক্তই এই ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।