পাঞ্জাবাৰীঃ গুৱাহাটী মহানগৰীৰ এটি পেট্ৰ’ল পাম্পত চলিছে দূৰণিবটীয়া যাত্ৰীক লৈ ব্যৱসায়৷ পেট্ৰ’ল পাম্পটোত অবৈধ টিকট কাউন্টাৰ খুলি চলাই গৈছে ৰমৰমীয়া ব্যৱসায়৷ মহানগৰীৰ বশিষ্ঠৰ ৰাজ পেট্ৰল পাম্পত অবৈধ বাছ আস্থানৰ লগতে অবৈধ টিকট কাউন্টাৰ খুলি যাত্ৰী উঠা-নমা কৰি অহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
পেট্ৰ’ল পাম্পটোত নামনি অসমৰ বিভন্ন অঞ্চলৰ পৰা অহা বাছ, উইংগাৰ, ট্ৰেভেলাৰ আদিয়ে তেল ভৰোৱাৰ অচিলালৈ চৌহদতে গাড়ীবোৰ ৰখাই সম্প্ৰতি অস্থায়ী বাছ আস্থান গঢ়ি তোলা পৰিলক্ষিত হৈছে। ইয়াৰোপৰি পেট্ৰ’ল পাম্পটোত গঢ় লৈ উঠিছে বহু কেইটা অবৈধ টিকট কাউন্টাৰ। এই কাউন্টাৰসমূহে বিভিন্ন সময়ত যাত্ৰীৰ পৰা মাত্ৰাধিক টকা লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।