২০১৮ ই মেলানি মাগিব হ’ল। পৰি ৰ’ল বহু ঘটনা-পৰিঘটনা। ইয়াৰে কিছু ঘটনা ইতিহাসৰ পাতত ৰৈ যাব¸ বাকীবোৰ পাহৰণিৰ গৰ্ভত। পিছে এই দেশত ’১৮ ত এনে কিছু ঘটনা ঘটিল যিবোৰ চমকলগা। এনে পাঁচটা ঘটনা এনেধৰণৰঃ
ঠগচ অব হিন্দুস্তানঃ আমিৰ খান¸ অমিতাভ বচ্চনৰ উপস্থিতি¸ কেটৰিনাৰ নৃত্য¸ ব্যয়সাপেক্ষ ভি এফ এক্স—– ৩৩৫ কোটিৰ ছবিখন কিন্তু মুখথেকেচা খালে বক্স অফিচত। ছবিৰ গল্পৰ গৰু গছ বগাই মহাকাশ পালেগৈ। ছ’চিয়েল মিডিয়াত এটাৰ পাছত এটাকৈ মিমচ ওলাল। ভাৰতীয় বিনোদন দুনীয়াত ২০১৮ চনত ইয়াতকৈ ডাঙৰ চমক চাগে’ অন্য নাই।