80
নতুন দিল্লী/গুৱাহাটীঃ অসম আৰু উত্তৰ-পূবৰ লগতে সমগ্ৰ দেশতে গঢ়ি উঠা তীব্ৰ প্ৰতিবাদকো নেওচি শুকুৰবাৰৰ পৰা কাৰ্যকৰী কৰা হৈছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন (CAA)। ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে অধিসূচনা।
‘নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ কাৰ্যকৰী কৰাৰ দিন কেন্দ্ৰ চৰকাৰে ২০২০ চনৰ ১০ জানুৱাৰীক নিৰ্ধাৰণ কৰিছে, এই অনুযায়ী উল্লিখিত আইনখন উক্ত তাৰিখৰ পৰা প্ৰযোজ্য হ’ব।’-এইদৰে উল্লেখ কৰা হৈছে চৰকাৰী অধিসূচনাত।