চন ২০১৩। কেন্দ্ৰত তেতিয়া ইউপিএৰ চৰকাৰ। প্ৰধানমন্ত্ৰীৰ দায়িত্ব ড০ মনমোহন সিঙৰ হাতত। নিৰ্বাচনৰ আগমুহূৰ্তত নতুন ৰূপত শাসকীয় কংগ্ৰেছৰ বিৰুদ্ধে থিয় দিয়াৰ যো-জা চলাইছিল বিজেপিয়ে। ইতিমধ্যে দেশজুৰি ব’বলৈ লৈছিল পৰিৱৰ্তনৰ জোৱাৰ।
সেই পৰিৱৰ্তনৰ জোৱাৰ ব’বলৈ লোৱাৰ মূলতেই আছিল ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানীৰিক্ষক চমুকৈ কেগে প্ৰকাশ কৰা প্ৰতিবেদন। কেগৰ প্ৰতিবেদনত পোহৰলৈ অহা শাসকীয় ইউপিএ চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ কেইবাটাও অনিয়মকেই অস্ত্ৰ হিচাপে লৈছিল বিজেপিয়ে। ২জি স্পেকট্ৰম আবণ্টন, কয়লা খনিৰ আবণ্টন, কমনৱেলথ গেমছৰ নামত হোৱা অনিয়মে ইউপিএৰ শাসনকালত সৃষ্টি কৰিছিল ৰাজনৈতিক ধুমুহাৰ।