newsnextone.com | যোৰহাটঃ দীৰ্ঘ দিনীয়া দাবী পূৰণ হল উজনিৰ যোৰহাট জিলাবাসীৰ৷ দেশৰ বিভিন্ন প্ৰান্তৰ সৈতে উত্তৰ পূৰ্বাঞ্চলক সহজেই সংযোগ কৰিব বিচৰা বুলি নৰেন্দ্ৰ মোডী চৰকাৰে সময়ে সময়ে উল্লেখ কৰি আহিছে৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে উজনিৰ যোৰহাট জিলাৰ ৰৰৈয়া বিমান কোঠৰ পৰা কলকাতালৈ পোনে পোনে বিমান সেৱা আৰম্ভ কৰাৰ বাবে আগবাঢ়িছে৷
দেশৰ ৰাজধানীৰ পৰা নিলগৰ তথা বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসামৰিক বিমান পৰিবহন সেৱা উন্নত কৰাৰ বাবে চিন্তা চৰ্চা কৰে৷ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে উৰণ আঁচনীৰ দ্বাৰা উজনিৰ যোৰহাট জিলাৰ ৰৰৈয়া বিমান কোঠৰ পৰা নতুন বিমান সেৱা আৰম্ভ কৰাৰ বাবে চিন্তা কৰে৷ অহা ১ আগষ্টৰ পৰা নিতৌ যোৰহাট-কলকাতাৰ মাজত ইণ্ডিগ’ এয়াৰলাইনৰ বিমান সেৱা আৰম্ভ হ’ব৷