newsnextone.com | গুৱাহাটীঃ দেওবাৰে গুৱাহাটীত আহি উপস্থিত হয় দেশৰ অন্যতম উদ্যোগপতি ৰতন টাটা৷ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ উদ্যোগপতি ৰতন টাটাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰতন টাটাই ডিজিটেল নাৰ্ভ চেণ্টাৰ উদ্ধোধন কৰে৷
বিশিষ্ট উদ্যোগপতিগৰাকী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত স্থাপন হ’বলগীয়া কেন্সাৰ হস্পিতালৰ ভূমি পূজন কৰি আধাৰশিলা স্থাপন কৰিব সোমবাৰে৷ পুৱা ১১ বজাৰপৰা খানাপাৰা খেলপথাৰত ভূমি পূজন কৰি আধাৰশিলা স্থাপন কৰা হ’ব৷
উত্তৰ পূৰ্বাঞ্চল তথা অসমত কৰ্কট ৰোগে এক ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ এই ৰোগবিধত আক্ৰান্ত হোৱা লোকসকলে অসমত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অধিক উন্নত চিকিৎসাৰ বাবে লাখ লাখ টকা ব্যয় হোৱাৰ বাবে দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলে উপয়ুক্ত চিকিৎসা লাভ নকৰাৰ ফলত অকালতে মৃত্যুবৰণ কৰিব লগা হয়৷