কোকিলাঃ বঙাইগাঁও জিলাৰ কোকিলাৰ চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ লগতে আন কেইবাটাও পৰীক্ষা কেন্দ্ৰত মমৰ পোহৰতে চলিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। গণিত বিষয়ৰ পৰীক্ষা চলি থকাৰ মাজতে হঠাৎ প্ৰতিকূল বতৰৰ বাবে পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকল এক জটিল সমস্যাৰ সন্মুখীন হয়।
পৰীক্ষাৰ কোঠালিবোৰ আন্ধাৰ হৈ পৰে আৰু ছাত্ৰ-ছাত্ৰীসকল লিখাত অসুবিধাৰ সন্মুখীন হয়। পৰীক্ষা কেন্দ্ৰত সেই সময়ত বিদ্যুৎ সেৱা নথকাৰ বাবে পৰীক্ষা পৰিচালনা সমিতিয়ে তাৎক্ষণিকভাৱে মমবাতিৰ যোগান ধৰে।