গুৱাহাটীঃ ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কোনো বিসংগতি নোহোৱাকৈ সুকলমে অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও নিত্য নতুন বিসংগতিয়ে চৰকাৰ তথা ছেবাৰ সকলো দম্ভালিকে অসাৰ প্ৰতিপন্ন কৰিছে। আৰক্ষীৰ জৰিয়তে শিক্ষাৰ্থীক তালাচী, পৰীক্ষা কেন্দ্ৰত চি চি টি ভি লগাই চমক সৃষ্টি কৰা চৰকাৰ তথা ছেবাই পূৰ্বৰ দৰে এইবাৰো নানা বিসংগতিৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালিহে খেলা দেখা গল।
যিমানে প্ৰতিশ্ৰুতি নিদিয়ক কিয় ছেবাই যেন ভুল কৰিবই। ভুল কৰি ভাল পোৱা ছেবাক নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ নহ’ল স্বয়ং শিক্ষামন্ত্ৰী। বিপৰীতে এইবাৰো দেখা গ’ল বিগত বৰ্ষসমূহৰ দৰে একে প্ৰতিচ্ছবি।পৰীক্ষাৰ সূচী অনুযায়ী ২০ ফেব্ৰুৱাৰীত আছিল গণিত বিষয়ৰ পৰীক্ষা। কিন্তু বি টি এডিৰ বাগছা জিলাৰ ৮২ নং বৰিমখা হাইস্কুল কেন্দ্ৰত গণিতৰ প্ৰশ্ন কাকতৰ সলনি পৰীক্ষাৰ্থীক দিয়ে অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত।এই খবৰ বিয়পি পৰাৰ লগে লগে শংকিত হৈ পৰে সমগ্ৰ ৰাজ্যৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকল।