ডিজিটেল ডেস্কঃ মাজনিশাৰ মহাকৰৰ সূচনা হোৱাৰ পিছতে শনিবাৰে পুৱাৰে পৰা নিম্নগামী হ’বলৈ আৰম্ভ কৰিছে আপোনাৰ সপোনৰ গাড়ীখনৰ দাম। বিশেষকৈ যিসকলে ভাৰতৰ জনপ্ৰিয় এছ ইউ ভি টয়’টা ফৰ্চুনাৰ ক্ৰয় কৰিবলৈ আশাপালি ৰৈ আছে সেইসকলৰ বাবে এতিয়া সু-খবৰ। কিয়নো এই বাহনখনৰ দাম আজিৰে পৰা ২.১ লাখ টকা হ্ৰাস পাইছে।
টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত বাতৰি মতে, জিএছটি কাৰ্যকৰী হোৱাৰ পিছতে টয়’টা ইণ্ডিয়াই ফৰ্চুনাৰ এছ ইউ ভিৰ দাম ২.১ লাখকৈ হ্ৰাস পোৱাতো সত্য বুলি সদৰী কৰিছে। উল্লেখ্য যে জিএছটিৰ সূচনা হোৱাৰ লগে লগে সমগ্ৰ দেশকে সামৰি লৈছে ‘এক দেশ এক কৰ’ নীতিয়ে। অৱশ্যে জিএছটিৰ ফলত গাড়ীৰ ক্ৰেতাসকলৰ ভিতৰত সকলোতকৈ অধিক লাভান্বিত হ’ব মুম্বাইৰ ক্ৰেতাসকল। অতিৰিক্ত কৰসমূহ উঠি যোৱাৰ বাবে মায়ানগৰীত এতিয়া সামান্যকৈ হ’লেও হ্ৰাস পাব অধিকাংশ বয়-বস্তুৰ দাম।