গুৱাহাটীঃ শুকুৰবাৰৰ পৰা দেশত নগদ ধনৰ অভাৱ দূৰ কৰা হ’ব৷ সমগ্ৰ দেশতে নগদ ধনৰ অভাৱ হোৱাৰ লগতে এটিএম খালি বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰিচালক ৰজনীশ কুমাৰে নগদ ধনৰ অভাৱ দূৰ কৰা হ’ব বুলি কয়৷ যি কেইখন ৰাজ্যত নোটৰ অভাৱ হৈছে উক্ত ৰাজ্যত নগদ টকা পঠিয়াই দিয়া হৈছে বুলি কয় কুমাৰে৷
ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মতে, দেশৰ বজাৰত ৭০ হাজাৰ কোটি টকাৰ নগদ টকাৰ অভাৱ আছে৷ এটিএমৰ পৰা উলিওৱা পৰিমাণৰ এক তৃতীয়াংশ টকাৰ পৰিমাণ কম নগদ ধনৰ অভাৱ আছে দেশত৷ বজাৰত ২০০ টকাৰ নোটৰ প্ৰচলন বৃদ্ধি হোৱাৰ ফলত ২০০০ টকীয়া নোটৰ পৰিমাণৰ প্ৰচলন কম হৈছে বুলি কয়৷