ডিজিটেল ডেস্কঃ আপুনি ফেচবুক ব্যৱহাৰ কৰে নে? যদি কৰে তেন্তে ফেচবুক কৰ্তৃপক্ষই আপোনাৰ বাবে এটা সুখবৰ কঢ়িয়াই আনিছে৷ ফেচবুক এতিয়া কেৱল এক ছচিয়েল মাধ্যম হৈয়ে থকা নাই৷ অনলাইন বজাৰৰ পৰা অনলাইন গেম খেলালৈকে ফেচবুকত সকলো সুবিধা লাভ কৰিব পৰা যায়৷ যিয়ে নিশ্চয় আপোনাৰ দৈনন্দিন জীৱন অধিক আনন্দমুখৰ কৰি তোলাত সহায় কৰিছে৷
শেহতীয়াকৈ ফেচবুকত আন এক নতুন সংযোজন ঘটোৱা হৈছে৷ যাৰ জৰিয়তে ফেচবুক ব্যৱহাৰকাৰীসকলে পেটিএম, ফ্ৰী চাৰ্জ, ৰিজাৰ্জ ইট নাউ বা তেনে কোনো এপ ব্যৱহাৰ নকৰাকৈ অতি সহজে নিজৰ মোবাইল নম্বৰ ৰিচাৰ্জ কৰিব পাৰিব৷