63
পাটনাঃ পশ্চিমবংগ আৰু দিল্লীৰ পিছত এইবাৰ চিবিআইৰ অভিযান আৰম্ভ হৈছে বিহাৰত। বুধবাৰে চাকৰিৰ বিনিময়ত মাটি কেলেংকাৰী সন্দৰ্ভত আৰজেডি নেতাৰ বাসগৃহত চিবিআইয়ে অভিযান অব্যাহত ৰাখিছে।
চিবিআইয়ে যিকেইগৰাকী আৰজেডি নেতাৰ ঘৰত অভিযান চলাইছে সেইসকল হৈছে লালুপ্ৰসাদ যাদৱৰ ঘনিষ্ঠ বুলি জনাজাত এমএলচি সুনীল সিং, সাংসদ আছফাক কৰিম আৰু ফৈয়াজ আহমেদ আৰু প্ৰাক্তন এমএলচি সুবোধ ৰায়।