বিশেষ প্ৰতিবেদনঃ আদানি গ্ৰুপে একপ্ৰকাৰ এনডিটিভি কিনি পেলালে! এই খবৰে সম্প্ৰতি সমগ্ৰ দেশতে তোলপাৰ লগাইছে। প্ৰকাশিত বাতৰি অনুযায়ী দেশৰ বৃহৎ ব্যৱসায়িক গ্ৰুপটোৱে এনডিটিভিৰ এক বৃহৎ অংশ ক্ৰয় কৰাৰ পিছত শেহতীয়াকৈ আৰু ২৬ শতাংশ শ্বেয়াৰ কিনিবলৈ অপেন অফাৰৰ কথা ঘোষণা কৰিছে। প্ৰণয় ৰয়, ৰাধিকা ৰয় আৰু এনডিটিভিৰ মেনেজমেণ্টৰ সন্মতি অবিহনেই আদানি গ্ৰুপে সংবাদ সংস্থাটো হষ্টাইল টেকঅভাৰৰ জৰিয়তে নিজৰ অধীনলৈ নিয়াৰ প্ৰয়াস কৰিছে বুলিও আন এক বাতৰি প্ৰকাশ পাইছে।

'এই দুটা খবৰৰ যিকোনো এটি খবৰেই শুদ্ধ হ’ব পাৰে। দুয়োটা ক্ষেত্ৰতেই কথাৰ ধৰণৰ পাৰ্থক্য আছে বুলিব পাৰি। কিয়নো কোনো এটা কোম্পানীৰ আধাতকৈ বেছি শ্বেয়াৰ নিজৰ অধীনলৈ নোযোৱা পৰ্যন্ত সেই কোম্পানীটো ক্ৰয় কৰা বুলিব নোৱাৰি। অৱশ্যে এনডিটিভিৰ চিইঅ’ সুপৰ্ণা সিঙে যিদৰে এনডিটিভিৰ সৈতে জড়িত প্ৰতিজনলৈ মেইল প্ৰেৰণ কৰি এই বিষয়ে অৱগত কৰিছে তালৈ চালে কিন্তু বিষয়টো সুকীয়া হৈ পৰে।’-এই মন্তব্য জ্যেষ্ঠ সাংবাদিক আলোক যোশীৰ।

আলোক যোশীৰ মতে এইক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আদানি গ্ৰুপে এনডিটিভিক নিজৰ হাতৰ মুঠিলৈ নিবলৈ বা ৫০ শতাংশতকৈ অধিক শ্বেয়াৰ ক্ৰয় কৰিবলৈ কোম্পানীৰ বৰ্তমানৰ মেনেজমেণ্ট আৰু প্ৰমোটাৰৰ সৈতে আলচ কৰি সন্মতি সহকাৰে সকলোখিনি কৰিছে নে বলপূৰ্বক তেনে কৰিবলৈ আগবাঢ়িছে? এনেদৰেই এতিয়া সমগ্ৰ বিষয়টোৱেই দেশৰ এক চৰ্চাৰ বিষয় হৈ পৰিছে।

এনডিটিভিৰ প্ৰেছ বিবৃতিৰ অৰ্থ কি?

এনডিটিভিৰ চিইঅ’ সুপৰ্ণা সিঙে সংবাদ সংস্থাটোৰ পৰিচালনাৰ সৈতে জড়িতসকললৈ লিখা মেইলত উল্লেখ কৰা মতে এই সমগ্ৰ বিষয়টোৱেই বলপূৰ্বকভাৱে সংঘটিত কৰা হৈছে। উল্লেখ্য যে, আদানী গোটে আনুষ্ঠানিক ঘোষণা কৰাৰ এদিন পূৰ্বে এনডিটিভিয়ে ষ্টক একচেঞ্জলৈ পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰত উল্লেখ কৰা মতে, হল্ডিং কোম্পানী আৰআৰপিআৰৰ জৰিয়তে ৰখা শ্বেয়াৰ প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে বিক্ৰী কৰিব নেকি বুলি এখন বাতৰি কাকতৰ সাংবাদিকে প্ৰশ্ন কৰিছিল। 

এনডিটিভিয়ে উক্ত সাংবাদিকজনৰ লগতে ষ্টক একচেঞ্জক স্পষ্ট কৰি দিছিল যে এই খবৰ সম্পূৰ্ণৰূপে উৰাবাতৰি। প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে শ্বেয়াৰ বিক্ৰী কৰিবলৈ অথবা মালিকীস্বত্ব সলনি কৰিবলৈ কাৰো সৈতে কোনো কথা পতা নাই আৰু অনাগত দিনতো নকৰে বুলিও স্পষ্ট কৰি দিয়ে। লগতে সাংবাদিকতাৰ যি ধাৰা এনডিটিভিয়ে অব্যাহত ৰাখিছে তাৰ সৈতে কোনো আপোচ কৰা নহ'ব বুলিও স্পষ্ট কৰি দিছে।

মন কৰিবলগীয়া যে, প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ নিজা শ্বেয়াৰৰ উপৰিও আৰআৰপিএল হল্ডিঙৰ জৰিয়তে কোম্পানীৰ মুঠ পেডআপ কেপিটেলৰ ৬১.৪৫ শতাংশ শ্বেয়াৰ নিজৰ দখলত আছে। সময়ে সময়ে এনডিটিভিয়ে শ্বেয়াৰ বিক্ৰীক লৈ এইধৰণৰ স্পষ্টীকৰণ দি অহা দেখা গৈছে। 

নিয়ম অনুযায়ী কোম্পানী এটাৰ শ্বেয়াৰ বিক্ৰী কৰিবলৈ হ’লে প্ৰথমে ষ্টক একছেঞ্জক খবৰ দিব লাগে। বিশেষজ্ঞসকলৰ মতে বাস্তৱত কিন্তু শ্বেয়াৰ বিক্ৰীক লৈ আলোচনা চলি থকা কালত একছেঞ্জক খবৰ দিয়া নহয়। এনে পৰিপ্ৰেক্ষিততে অস্বীকাৰ কৰা সত্বেও এদিন পিছতে আদানী গ্ৰুপে অপ্ৰত্যক্ষভাৱে এনডিটিভিৰ ২৯.১৮ শতাংশ শ্বেয়াৰ ক্ৰয় কৰাৰ কথা ৰাজহুৱা কৰাৰ লগতে আৰু ২৬ শতাংশ শ্বেয়াৰ ক্ৰয়ৰ মুকলি প্ৰস্তাৱ আগবঢ়ায়।

আদানি গ্ৰুপে কেনেদৰে শ্বেয়াৰ ক্ৰয় কৰিলে?

এনডিটিভিয়ে স্পষ্টীকৰণত উল্লেখ কৰা মতে আদানি গ্ৰুপে অতি কৌশলেৰে ২৯.১৮ শতাংশ শ্বেয়াৰ হস্তগত কৰিছে। আদানি গ্ৰুপৰ তৰফৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত অনুযায়ী যে এএমজি মিডিয়া নেটৱৰ্কছ লিমিটেডৰ অধীনস্থ বিচিপিএলৰ হাতত আৰআৰপিআৰ হল্ডিছ প্ৰাইভেট লিমিটেডৰ ভাউছাৰ আছে আৰু সেয়া পৰিশোধ কৰাৰ পিছত উক্ত কোম্পানীটোৰ ৯৯.৯৯ শতাংশ শ্বেয়াৰ লাভ কৰিব পাৰে। 

আদানি গ্ৰুপে এই অধিকাৰ প্ৰয়োগ কৰি ভাউছাৰক ৯৯.৫ শতাংশ শ্বেয়াৰলৈ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগে লগে আৰআৰপিআৰ হল্ডিংছৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ এতিয়া বিচিপিএলৰ হাতত থাকিব। কিন্তু কি কাৰণত ০.৪৯ শতাংশ শ্বেয়াৰ আদানি গ্ৰুপে এৰি দিলে সেয়া জানিব পৰা হোৱা নাই।

আৰআৰপিআৰ হল্ডিংছ প্ৰাইভেট লিমিটেড হৈছে সেইটো কোম্পানী যাৰ ওচৰত এনডিটিভিৰ ২৯.১৮ শতাংশ শ্বেয়াৰ আছিল। এই কোম্পানীটো আদানি গ্ৰুপৰ অধীনলৈ যোৱাৰ অৰ্থ এয়াই যে এনডিটিভিৰ উক্ত ২৯.১৮ শতাংশ শ্বেয়াৰো এতিয়া আদানি গ্ৰুপৰ হাতলৈ গ’ল। আৰআৰপিআৰ হল্ডিংছ প্ৰাইভেট লিমিটেডৰ আৰআৰপিআৰৰ সম্পূৰ্ণ অৰ্থ হৈছে ৰাধিকা ৰয় প্ৰণয় ৰয় অৰ্থাৎ কোম্পানীটোৰ প্ৰতিষ্ঠাপক প্ৰমোটাৰ দম্পত্তি। ইয়াৰ উপৰিও এনডিটিভিত দুয়োৰে সুকীয়া সুকীয়াকৈ ১৬ শতাংশকৈ শ্বেয়াৰ আছে।

আদানী গ্ৰুপৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে এনডিটিভিৰ মেনেজমেণ্টে এই সন্দৰ্ভত কয়, 'এনডিটিভি, ৰাধিকা আৰু প্ৰণয় ৰয়ৰ বাবে আজিৰ ঘটনাটো সম্পূৰ্ণৰূপে অপ্ৰত্যাশিত আছিল। এই অধিগ্ৰহণ তেওঁলোকৰ সন্মতি অবিহনেই হৈছে। ইয়াৰ আধাৰ হৈছে ২০০৯-১০ত সম্পন্ন হোৱা এক ঋণৰ চুক্তি।’

এনডিটিভিৰ মেনেজমেণ্টে আৰু কয় যে তেওঁলোকে সমগ্ৰ বিষয়টো সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। সম্ভৱ হ’লে বিষয়টোক লৈ আইনৰ দ্বাৰস্থ হোৱাৰো ইংগিত দিছে এনডিটিভি গ্ৰুপে। 

এনডিটিভিৰ শ্বেয়াৰৰ ৰিলায়েন্স কানেকশ্যন

আদানী গ্ৰুপে এনডিটিভিৰ ২৯ শতাংশ শ্বেয়াৰ নিজৰ হাতলৈ নিয়াৰ সৈতে আন একাধিক কাৰক জড়িত হৈ আছে। আদানি গ্ৰুপে বিচিপিএল নামৰ যিটো কোম্পানীৰ জৰিয়তে এনডিটিভিৰ শ্বেয়াৰ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে উক্ত কোম্পানীটোৱে ২০০৯-১০ চনত এনডিটিভি অৰ্থাৎ ইয়াৰ প্ৰমোটাৰক ঋণ প্ৰদান কৰিছিল। ঋণ প্ৰদানৰ চুক্তি অনুযায়ী আৰআৰপিআৰৰ শ্বেয়াৰ কোম্পানীটোৰ ওচৰত বন্ধকত থোৱা হৈছিল আৰু সেই ঋণক শ্বেয়াৰলৈ পৰিৱৰ্তন কৰাৰ অধিকাৰো লাভ কৰিছিল ঋণ প্ৰদানকাৰী কোম্পানীটোৱে।

গুৰুত্বপূৰ্ণ কথাটো হ’লে এনডিটিভি বা ইয়াৰ প্ৰমোটাৰে আদানি গ্ৰুপৰ পৰা কোনো ঋণ গ্ৰহণ কৰা নাছিল। যিসময়ত এই ঋণৰ চুক্তি সম্পন্ন হৈছিল সেই সময়ত ভিচিপিএল আছিল আম্বানি মালিকানাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধীনস্থ কোম্পানী। অৰ্থাৎ এনডিটিভিয়ে ঋণ লৈছিল আম্বানিৰ পৰা আৰু এতিয়া সেই ঋণ সুতে-মূলে আদায় কৰিছে আদানীয়ে। এনে কাৰণতে সমগ্ৰ বিষয়টোক অপ্ৰত্যাশিত আখ্যা দিছে এনডিটিভিয়ে।

২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰ খবৰৰ আঁৰৰ খবৰ দিয়া নিউজ ৱেবছাইট নিউজলণ্ড্ৰীত প্ৰকাশিত এক প্ৰতিবেদনত কিদৰে মুকেশ আম্বানিয়ে নেটৱৰ্ক ১৮ৰ উপৰিও এনডিটিভিকো নিজৰ ঋণৰ জালত পেলাইছিল সেই সম্পৰ্কে বিস্তাৰিতভাৱে উল্লেখ কৰিছিল। এই প্ৰতিবেদনত বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড চমুকৈ বিচিপিএলৰ মুখ্য কাৰ্যালয়ৰ ঠিকনাও উল্লেখ কৰা হৈছিল।

পৰৱৰ্তী সময়ত কোম্পানীটোৰ উক্ত ঠিকনা সলনি হৈছিল। কিন্তু এই ঠিকনাতেই বৰ্তমান নিউজ ১৮ চেনেলৰ মুম্বাইস্থিত কাৰ্যালয় অৱস্থিত। এই ঠিকনাৰেই শ্বিনানো ৰিটেল প্ৰাইভেট লিমিটেড নামৰ আন এটি কোম্পানী পঞ্জীকৃত হৈ আছে। এই কোম্পানীটোৰ ১০০ শতাংশ শ্বেয়াৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধীনস্থ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিয়েল ইনভেছমেণ্ট এণ্ড হল্ডিংছ লিমিটেডৰ হাতত আছে।

ৰিলায়েন্স গ্ৰুপৰ আন এটি কোম্পানী ৰিলায়েন্স ভেঞ্চাৰ্ছ লিমিটেডে ২০০৯-১০ চনত শ্বিনানো ৰিটেলক ৪০৩.৮৫ কোটি টকাৰ ঋণ প্ৰদান কৰিছিল। এয়া আছিল আনছিকিউৰড ঋণ। উক্ত বৰ্ষতে শ্বিনানোৱে সেই একেই পৰিমাণৰ ধনৰাশি বিচিপিএলক ঋণ হিচাপে প্ৰদান কৰে। সেই একে বৰ্ষতে এনডিটিভিৰ সৈতে জড়িত আৰআৰপিআৰ হল্ডিংছ প্ৰাইভেট লিমিটেডে সম পৰিমাণৰ ধন অৰ্থাৎ ৪০৩.৮৫ কোটি টকাৰ ঋণ গ্ৰহণ কৰা বুলি বেলেঞ্চ শ্বিটত উল্লেখ কৰিছে।

কিন্তু এই ধন আৰআৰপিআৰ ক’ৰ পৰা ঋণ হিচাপে লৈছে সেই সম্পৰ্কে কোনো উল্লেখ নাই। ২০১৪ চনত আয়কৰ বিভাগে সুকীয়া এক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা তথ্যত আৰআৰপিআৰ হল্ডিংছে ৪০৩ কোটি টকা বেনামী সূত্ৰৰ পৰা লাভ কৰা বুলি উল্লেখ কৰিছিল। এনে পৰিপ্ৰেক্ষিতত উক্ত ধন ৰিলায়েন্সৰ পৰা গৈ শ্বিনানো বা বিশ্বপ্ৰধান অৰ্থাৎ ভিচিপিএলৰ জৰিয়তে আৰআৰপিআৰে লাভ কৰিছিল বুলি চৰ্চা চলিছে। 

কি বিচাৰিছে আদানি গ্ৰুপে?

আদানি গ্ৰুপে ৰিলায়েন্স গ্ৰুপৰ অধীনস্থ বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড চমুকৈ ভিচিপিএল ১১৪ কোটি টকাত ক্ৰয় কৰাৰ পিছতে আওপকীয়াকৈ এনডিটিভিৰ ২৯ শতাংশ শ্বেয়াৰ নিজৰ অধীনলৈ নিয়াৰ কথা ঘোষণা কৰিছে। 

ঠিক একেই ঘটনা সংঘটিত হৈছিল দেশৰ আন এটা ৰাষ্ট্ৰীয় নিউজ চেনেল নিউজ ১৮ৰ ক্ষেত্ৰত। নিউজ ১৮ক প্ৰদান কৰা ঋণৰ বিনিময়ত এদিন পুৱাৰ ভাগত হঠাৎ চেনেলটোৰ প্ৰতিষ্ঠাপক ৰাঘৱ বাহলৰ সকলো শ্বেয়াৰ নিজৰ হাতলৈ নিছিল ৰিলায়েন্স গ্ৰুপে। তেতিয়াও এনেদৰেই ঋণক শ্বেয়াৰলৈ সলনি কৰা হৈছিল।

নিউজ ১৮ৰ কাহিনীৰ পুনৰাবৃত্তিৰে আদানি গ্ৰুপে বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড চমুকৈ বিচিপিএল ক্ৰয় কৰি বিচিপিএলৰ হাতত আৰআৰপিএলক প্ৰদান কৰা ঋণৰ বিনিময়ত লাভ কৰা অধিকাৰ সাব্যস্ত কৰি ঋণক শ্বেয়াৰলৈ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সমগ্ৰ কাৰ্য এনডিটিভিৰ অজ্ঞাতে কৰা হৈছে বুলি এনডিটিভিৰ মেনেজমেণ্টে দাবী কৰিছে। 

২৯ শতাংশ শ্বেয়াৰ লাভ কৰাৰ পিছতে বিচিপিএল, এএমপিএল আৰু আদানি এণ্টাৰপ্ৰাইজ লিমিটেডৰ তৰফৰ পৰা আৰু ২৬ শতাংশ শ্বেয়াৰ ক্ৰয়ৰ বাবে মুকলি প্ৰস্তাৱ আগবঢ়োৱা হৈছে। অৱশ্যে মঙলবাৰে এনডিটিভিৰ শ্বেয়াৰ ৩৬৯.৭৫ টকাত বন্ধ হয়। বিপৰীতে আদানি গ্ৰুপৰ মুকলি প্ৰস্তাৱৰ দৰ আছিল প্ৰতি শ্বেয়াৰ ২৯৪ টকা। তালৈ চাই শ্বেয়াৰ মাৰ্কেটৰ বিশেষজ্ঞসকলে এই প্ৰস্তাৱক কেৱল এক নিয়মমাফিক প্ৰস্তাৱ হিচাপে অভিহিত কৰিছে।

'কথাটো এনেকুৱাও হ’ব পাৰে যে আদানি গ্ৰুপে আৰআৰপিআৰ হল্ডিংছৰ ৯৯.৫ শতাংশ শ্বেয়াৰ নিজৰ দখললৈ নিয়াৰ পিছত এনডিটিভিৰ মেনেজমেণ্টক কোম্পানীটো তেওঁলোকে পূৰ্বে যেনেকৈ চলাই গৈছিল তেনেকৈ চলাই নিয়াৰ ক্ষেত্ৰত কোনো আপত্তি নাই বুলি আলোচনাতো বহিব পাৰে। নহ’লে তেওঁলোকে কেৱল বিনিয়োগকাৰী হিচাপেহে কোম্পানীটোত থকাৰো প্ৰস্তাৱ আগবঢ়াব পাৰে।’- সমগ্ৰ বিষয়টো সন্দৰ্ভত এইদৰে কয় জ্যেষ্ঠ সাংবাদিক আলোক যোশীয়ে।

অৱশ্যে নিউজ ১৮ আৰু ৰিলায়েন্সৰ কাৰবাৰটোলৈ চাই আদানি গ্ৰুপে এনডিটিভিত পৰ্যায়ক্ৰমে নিজৰ হস্তক্ষেপ বৃদ্ধি কৰিবলৈ চেষ্টা চলাই যোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে। 'আমি এতিয়াই একো স্পষ্টকৈ ক’ব নোৱাৰো। আদানি গ্ৰুপে হয়তো সম্প্ৰসাৰণৰ লক্ষ্য ৰাখিয়েই ঋণক শ্বেয়াৰলৈ সলনি কৰিছে। সি যি নহওক এনডিটিভিয়ে এই সন্দৰ্ভত আইনৰ কাষ চাপিব নে নাই আৰু আইনৰ কাষ চাপিলেও আইনে কি ক’ব তাৰ ওপৰতেই এতিয়া সকলোখিনি নিৰ্ভৰ কৰিব।’-আলোক যোশীৰ মন্তব্য।

ভিচিপিএলৰ জৰিয়তে এনডিটিভিৰ ২৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰাৰ পিছতেই গৌতম আদানিয়ে অকণো বিলম্ব নকৰাকৈ এনডিটিভিৰ মালিকীস্বত্ব নিজৰ হাতলৈ নিয়াৰ অভিপ্ৰায় ব্যক্ত কৰিছে। ষ্টক একছেঞ্জক জনোৱা মতে আদানি গ্ৰুপে এনডিটিভিৰ আৰু ২৬ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিবলৈ আগ্ৰহী। অৰ্থাৎ এয়া স্পষ্ট যে আদানিয়ে এনডিটিভিৰ আধাতকৈ অধিক ৫৫ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰণ কৰা সংস্থা ছেবিৰ নিয়ম অনুযায়ী দেশৰ যিকোনো তালিকাভুক্ত কোম্পানী যাৰ ওচৰত ২৫ শতাংশ বা তাতকৈ অধিক শ্বেয়াৰ আছে তেনে কোম্পানীয়ে আৰু শ্বেয়াৰ ক্ৰয় কৰিবলৈ মুকলি প্ৰস্তাৱ আগবঢ়োৱাতো বাধ্যতামূলক। ইয়াৰ জৰিয়তে কোম্পানীৰ মাইন’ৰিটি শ্বেয়াৰ হল্ডাৰে নিৰ্ধাৰিত দামত নিজৰ শ্বেয়াৰ বিনিয়োগকাৰীৰ ওচৰত নিজৰ ইচ্ছামতে বিক্ৰী কৰাৰ সুবিধা লাভ কৰে। 

বৰ্তমানলৈ এনডিটিভিয়ে আদানি গ্ৰুপৰ এই অফাৰক লৈ কোনো আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই। বিপৰীতে আদানি গ্ৰুপৰ এনে কাৰ্যক ইচ্ছাৰ বিৰুদ্ধে দখল হিচাপেহে অভিহিত কৰি ছেবিৰ ওচৰত আপত্তিহে দৰ্শাইছে এনডিটিভিৰ মেনেজমেণ্টে।

এনডিটিভিৰ শ্বেয়াৰৰ সবিশেষ

এনডটিভিৰ প্ৰতিষ্ঠাপক প্ৰণয় ৰয়ৰ হাতত আছে এনডিটিভিৰ ১৫.৯৪ শতাংশ শ্বেয়াৰ। প্ৰণয় ৰয়ৰ পত্নী ৰাধিকা ৰয়ৰ হাতত আছে এনডিটিভিৰ ১৬.৩২ শতাংশ শ্বেয়াৰ। প্ৰণয় আৰু ৰাধিকাই হৈছে আৰআৰপিআৰৰ স্বত্বাধিকাৰী আৰু এই কোম্পানীটোৰ হাতত আছে এনডিটিভিৰ ২৯.১৮ শতাংশ শ্বেয়াৰ।

খুচুৰা বিনিয়োগকাৰীৰ হাতত আছে কোম্পানীটোৰ ১২.৫৭ শতাংশ শ্বেয়াৰ। কৰ্প’ৰেট সংস্থাৰ হাতত আছে ৯.৬১ শতাংশ শ্বেয়াৰ। আনহাতে ফৰেন পৰ্টফলিঅ’ ইনভেষ্টৰ্ছ চমুকৈ এএফপিআইৰ হাতত আছে এনডিটিভিৰ ১৪.৭ শতাংশ শ্বেয়াৰ। আন কিছু সংস্থাৰ হাতত আছে এনডিটিভিৰ ১.৬৭ শতাংশ শ্বেয়াৰৰ দখল।

সৰ্বাধিক ২৯.১৮ শতাংশ শ্বেয়াৰ থকা আৰআৰপিআৰ হল্ডিংছ প্ৰাইভেট লিমিটেডে ২০০৮-০৯ চনতেই ভিচিপিএলৰ পৰা ১০ বছৰৰ বাবে ঋণ লৈছিল। ২০১৯ চনত ঋণৰ নিৰ্ধাৰিত সয়মসীমা উকলি যায় যদিও ঋণ পৰিশোধ কৰাত ব্যৰ্থ হয় আৰআৰপিআৰ। ফলত ঋণৰ চুক্তি মতে ভিচিপিএলে ঋণক শ্বেয়াৰলৈ সলনি কৰাৰ অধিকাৰ লাভ কৰে। 

২০২২ চনলৈ ভিচিপিএলে সেই অধিকাৰক বাস্তৱ ৰূপ দিয়া নাছিল। কিন্তু আদানি গ্ৰুপে ভিচিপিএল ক্ৰয় কৰাৰ পিছতে ঋণক শ্বেয়াৰলৈ সলনি কৰিবলৈ সিদ্ধান্ত লোৱাত আদানি গ্ৰুপে আওপকীয়াকৈ এনডিটিভিৰ ২৯ শতাংশ শ্বেয়াৰত নিজৰ অধিকাৰ লাভ কৰে।

সংবাদ মাধ্যমত নিজৰ প্ৰভাৱ বিস্তাৰৰ লক্ষ্য আদানিৰ

এগ্ৰি ট্ৰেডিং আৰু বন্দৰৰ জৰিয়তে ব্যৱসায়িক বিস্তাৰ আৰম্ভ কৰা গৌতম আদানিয়ে চলিত বৰ্ষত অধিক সম্পত্তি আহৰণ কৰা বিলিয়নাৰসকলৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সমৰ্থ হৈছে। বিগত কিছু বছৰত আদানিয়ে নিজৰ ব্যৱসায় দ্ৰুত গতিত বিস্তাৰ কৰিছে। এয়াৰপৰ্ট, ডাটা চেণ্টাৰ, চিমেণ্টৰ পৰা আৰম্ভ কৰি বিজুলী, কয়লা, গেছ ট্ৰেডিংৰ লগতে খোৱা তেলৰ ব্যৱসায়তো হাত দিছে আদানিয়ে।

আদানি গ্ৰুপে শেহতীয়াকৈ মুকেশ আম্বানিৰ ৰিলায়েন্স গ্ৰুপক চেৰ পেলোৱাৰ লক্ষ্যৰে মিডিয়াৰ ব্যৱসায়তো হাত দিয়া দেখা গৈছে। এই অনুযায়ী চলিত বৰ্ষতেই দেশৰ অন্যতম ডিজিটেল মিডিয়া হাউছ দ্য কুইন্টৰ মূল সংস্থা কুইণ্টিলিয়ান বিজনেছ মিডিয়াৰ ৪৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত আদানি গ্ৰুপে এনডিটিভি ক্ৰয় কৰিব বুলিও এক খবৰ ওলাইছিল। পৰৱৰ্তী সময়ত সেই খবৰ এনডিটিভিয়ে অস্বীকাৰ কৰিছিল। অৱশেষত উক্ত উৰাবাতৰিৰ সম্পূৰ্ণ এবছৰ নৌহওতেই আদানি গ্ৰুপে কৌশলেৰে এনডিটিভিৰ ২৯ শতাংশ শ্বেয়াৰ নিজৰ দখললৈ নিয়ে।