Home দেশচি বি আইৰ মুৰব্বীৰ ঘৰতে চোৱাংচোৱাগিৰি

চি বি আইৰ মুৰব্বীৰ ঘৰতে চোৱাংচোৱাগিৰি

by News Desk
A+A-
Reset
BBORxi0

ডিজিটেল ডেস্কঃ দেশৰ তদন্তকাৰী সংস্থা চি বি আইৰ দশা বেয়া চলিছে। সংস্থাটোৰ দুই শীৰ্ষতম বিষয়াৰ মাজত চলা অভিযোগ-প্ৰতিঅভিযোগৰ পাছত সঞ্চালক আলোক বাৰ্মা আৰু বিশেষ সঞ্চালক ৰাকেশ আস্থানাক চৰকৰে বাধ্যতামূলক ছুটীত পঠিয়ায়। এনে প্ৰেক্ষাপটতে দেশৰ ৰাজনৈতিক পৰিস্থিতি গৰম হৈ পৰিছে। ইয়াৰ মাজতে আজি পুৱা সদ্য অপসাৰিত সঞ্চালক আলোক বাৰ্মাৰ বাসগৃহত চোৰাংচোৱাগিৰি কৰা চাৰিজন লোকক নিৰাপত্তাৰক্ষীয়ে আটক কৰে। এই লোককেইজন চোৰাংচোৱা সংস্থাৰ জুনিয়ৰ এছিষ্টেণ্ট বুলি জানিব পৰা গৈছে। পুৱা ৭ঃ৪৫ বজাত এখন ৰাখি থোৱা গাড়ীৰ ভিতৰৰপৰা চি বি আইৰ মুৰব্বীজনৰ ২ নং জনপথৰ বাসগৃহলৈ অহা-যোৱা কৰা লোকৰ ওপৰত নজৰ দি থকা সময়তে চোৰাংচোৱাকেইজনক নিৰাপত্তাৰক্ষীয়ে চোলাত ধৰি ভিতৰলৈ লৈ আহে। পাছত তেওঁলোকক আৰক্ষীৰ ওচৰত চমজাই দিয়া হয়। আৰক্ষয়ে প্ৰকাশ কৰা মতে চোৰাংচোৱাগিৰি কৰা লোক চাৰিজনৰ নাম ক্ৰমে ধীৰাজ কুমাৰ, অজয় কুমাৰ, প্ৰশান্ত কুমাৰ আৰু বিনীত কুমাৰ গুপ্তা। 

ইফালে এই ঘটনাটোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চোৰাংচোৱা সংস্থাটোৱে কয় যে চি বি আইৰ মুৰব্বীৰ বাসগৃহত কোনো গুপ্তচৰ নিয়োগ কৰা হোৱা নাই। অৱশ্যে সংস্থাই সংবেদনশীল এলেকাত নিয়মমাফিক চকু ৰাখে আৰু চোৰাংচোৱা বিষয়াকেইজনে তাকেই কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0