ডিজিটেল ডেস্কঃ এক চাঞ্চল্যকৰ ঘটনাত দাক্ষিণাত্যৰ ৱাই এছ আৰ কংগ্ৰছৰ মুৰব্বী জগন মোহন ৰেড্ডীক আজি এজন অচিনাক্ত লোকে ছুৰিকাঘাত কৰি আহত কৰে। ঘটনাটো বিশাখাপট্টনম বিমান বন্দৰত। নেতাজনে বিমান বন্দৰৰ ভি আই পি লাউঞ্জৰপৰা ওলাই আহোতেই এজন অচিনাক্ত লোকে তেওঁৰ সৈতে এখন ছেলফী উঠাৰ প্ৰস্তাৱ দি ৰেড্ডীৰ কাষ চাপি আহে। ইয়াৰ পাছতে লোকজনে এক চোকা বস্তুৰে নেতাজনৰ বাওঁ বাহুত আঘাত কৰে। অৱশ্যে ৰেড্ডী সুস্থ বুলি জানিব পৰা গৈছে আৰু তেওঁক কাষৰ হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই ঘটনাৰ পাছতে বিমান বন্দৰসমূহৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। চি আই এছ এফৰ নিশ্ছিদ্ৰ নিৰাপত্তাৰ বেহুৰ মাজেৰে লোকজনে কেনেকৈ চোকা অস্ত্ৰ লৈ বিমান বন্দৰৰ ভিতৰলৈ সোমাবলৈ সক্ষম হ’ল সেয়া ডাঙৰ প্ৰশ্নচিহ্ন হৈ পৰিছে।
108
previous post