Home দেশঅপেক্ষাৰ অন্ত! ২০২৫ত আৰম্ভ হ’ব লোকপিয়ল, ২০২৬ত প্ৰকাশ পাব তথ্য

অপেক্ষাৰ অন্ত! ২০২৫ত আৰম্ভ হ’ব লোকপিয়ল, ২০২৬ত প্ৰকাশ পাব তথ্য

by News Desk
A+A-
Reset
census 2025

নতুন দিল্লীঃ অৱশেষত আৰম্ভ হ’ব মোদী যুগৰ প্ৰথমটো লোকপিয়লৰ প্ৰক্ৰিয়া। সূত্ৰ অনুসৰি, অহা বছৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিব লোকপিয়লৰ কাম। সমগ্ৰ ২০২৫ বৰ্ষটোত লোকপিয়ল অব্যাহত থকাৰ পিছত ২০২৬ চনত প্ৰকাশ কৰা হ’ব নতুন লোকপিয়লৰ তথ্য। উল্লেখ্য যে, প্ৰতি ১০ বছৰৰ মূৰে মূৰে দেশত সম্পন্ন কৰা হয় লোকপিয়ল। ২০১১ চনৰ লোকপিয়লৰ পিছত পৰৱৰ্তী লোকপিয়ল ২০২১ত অনুষ্ঠিত হ’ব লাগিছিল যদিও কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সেই বছৰ ইয়াৰ কাম স্থগিত ৰখা হয়।

তাৰ পিছৰে পৰা বিগত চাৰি বছৰ ধৰি স্থগিত হৈ থকা লোকপিয়লৰ প্ৰক্ৰিয়া অৱশেষত অহা বছৰৰ পৰা পুনৰ আৰম্ভ হ’ব বুলি চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে ‘ইণ্ডিয়া টুডে’য়ে। ইফালে সূত্ৰৰ মতে, এই লোকপিয়লৰ পিছতে দেশৰ লোকসভা সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণৰ পদক্ষেপ গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। মন কৰিবলগীয়া যে, পৰৱৰ্তী লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ২০২৯ চনত। ইয়াৰ পূৰ্বে ২০২৮ চনৰ ভিতৰত সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে মোদী চৰকাৰে। লক্ষণীয় যে, বিগত চাৰি বছৰ ধৰি লোকপিয়ল স্থগিত ৰখাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেশত বৃদ্ধি পাইছে জাতিগত জনগণনাৰো চাহিদা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0