ডিজিটেল ডেস্কঃ ‘হিন্দী ভাষাক জনমুখী আৰু আঞ্চলিক ভাষাৰ লগতে ব্যাৱহাৰ অভ্যাসত পৰিণত কৰা উচিত’। এই মন্তব্য কেন্দীয় নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা দূৰীকৰণ তথা তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী এম ভেংকায়া নাইডুৰ। আজি গুৱাহাটীত অনুষ্ঠিত যুটীয়া হিন্দী উপদেষ্টা কমিটিৰ বৈঠকত অধ্যক্ষতা কৰি এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰশাসনীয় কাম কাজত ব্যৱহৃত ইংৰাজী-হিন্দী কাৰিকৰী শব্দৰ এখন শব্দকোষো উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যুটীয়া হিন্দী উপদেষ্টা কমিটিৰ বৈঠকখন গুৱাহাটীত আয়োজন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ভেংকায়া নাইডুক ধন্যবাদ জনায়। অনুষ্ঠানত ১৯৬৩ৰ চৰকাৰী ভাষা নীতিৰ অধীনত হিন্দী ভাষাৰ ব্যবহাৰ সন্দৰ্ভত কমিটিয়ে এক পুংখানুপুংখ পৰ্যালোচনা কৰে।