ডিজিটেল ডেস্কঃ 'হিন্দী ভাষাক জনমুখী আৰু আঞ্চলিক ভাষাৰ লগতে ব্যাৱহাৰ অভ্যাসত পৰিণত কৰা উচিত'। এই মন্তব্য কেন্দীয় নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা দূৰীকৰণ তথা তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী এম ভেংকায়া নাইডুৰ। আজি গুৱাহাটীত অনুষ্ঠিত যুটীয়া হিন্দী উপদেষ্টা কমিটিৰ বৈঠকত অধ্যক্ষতা কৰি এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

♦ হিন্দী ভাষাক জনপ্ৰিয় কৰণত গুৰুত্ব
♦ শান্তিয়েহে আনিব উন্নয়নঃ নাইডু

অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰশাসনীয় কাম কাজত ব্যৱহৃত ইংৰাজী-হিন্দী কাৰিকৰী শব্দৰ এখন শব্দকোষো উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যুটীয়া হিন্দী উপদেষ্টা কমিটিৰ বৈঠকখন গুৱাহাটীত আয়োজন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ভেংকায়া নাইডুক ধন্যবাদ জনায়। অনুষ্ঠানত ১৯৬৩ৰ চৰকাৰী ভাষা নীতিৰ অধীনত হিন্দী ভাষাৰ ব্যবহাৰ সন্দৰ্ভত কমিটিয়ে এক পুংখানুপুংখ পৰ্যালোচনা কৰে।

ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীজনে আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন  ৰাজ্যৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত অঞ্চলটোৰ আঁচনি ৰূপায়ণৰ পৰ্যালোচনা বিষয়ক বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰকাশ কৰে যে  উত্তৰ-পূৰ্বাঞ্চলত সামগ্ৰিক যোগাযোগ ব্যবস্থাৰ ক্ষেত্ৰত দক্ষতা বিকাশ এটি অগ্ৰাধিকাৰ ক্ষেত্ৰ হ'ব পাৰে।

কলকাতাৰ সত্যজিৎ ৰয় ফিল্ম এণ্ড টেলিভিচন প্ৰতিষ্ঠানৰ সম্প্ৰসাৰিত চৌহদ হিচাপে অৰুণাচলত ৫০ একৰতকৈ অধিক ভূমি সাঙুৰি ২০০ কোটি টকা ব্যয় সাপেক্ষে ফিল্ম এন্ড টেলিভিচন ইনষ্টিটিউটৰ চৌহদ নিৰ্মাণ কৰা হ'ব বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে আইজলৰ ইণ্ডিয়ান ইনষ্টিটিউত অব মাছ কমিউনিকেশ্যনৰ স্থায়ী চৌহদটো উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দক্ষিণ পূৱ এছিয়াৰ দেশসমূহৰ মিডিয়া প্ৰশিক্ষণৰ ক্ষেত্ৰত প্ৰাণকেন্দ্ৰ হিচাপে গঢ় দিয়া হ'ব বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে। উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ বাবে ২৫ কোটি টকাৰ আনুষ্ঠানিক ব্যয় ধাৰ্য্য কৰা হয় বৈঠকত।

মন্ত্ৰীজনে উল্লেখ কৰে যে উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ একমাত্ৰ পথ হ'ল শান্তি। সন্ত্ৰাসবাদ আৰু উগ্ৰবাদে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত হেঙাৰ হৈ থকাত তেওঁ আক্ষেপ প্ৰকাশ কৰে। সেই হেঙাৰ আতৰাব লাগিব বুলিও নাইডুৱে মন্তব্য কৰে। স্থানীয় ভাষা আৰু উপভাষাৰ প্ৰয়োগ অত্যন্ত আৱশ্যক বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

উত্তৰ-পূৰ্বাঞ্চলত বৰ্তমান ২৮ টা অল ইন্ডিয়া ৰেডিঅ'ৰ উপভাষা শাখা সম্প্ৰচাৰিত হৈ থকা বুলি নাইডুৱে কথা প্ৰসংগত প্ৰকাশ কৰে। অঞ্চলটোত শেহতীয়াকৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিভিন্ন চলচিত্ৰ মহোৎসৱ আয়োজন কৰাৰ কথা উনুকিয়াই নাইডুৱে কয় যে অঞ্চলটোত শান্তি আৰু উন্নয়নৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত চিনেমা হৈছে এক শক্তিশালী মাধ্যম।

উল্লেখ্য যে সোমবাৰে নিশাৰ ভাগত গুৱাহাটীত উপস্থিত হৈছিল কেন্দ্ৰীয় মন্ত্ৰী ভেংকইয়া নাইডু। বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাই মন্ত্ৰী অতুল বৰা আৰু বিধায়ক শিলাদিত্য দেৱে। বিমানবন্দৰৰ পৰা পোনে পোনে আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকতো মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

ইফালে, ৩ দিনীয়া ভ্ৰমণ সূচীৰে অহা ছেপ্তেম্বৰত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। NNOৰ আগত এই কথা জনায় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। সভাপতিৰ অনুমতি নোলোৱাকৈ কোনো ব্যক্তিক বিজেপিত যোগদান কৰাব নোৱাৰিব বুলিও উল্লেখ কৰে দাসে।

লগতে শীঘ্ৰে ৰাজ্যিক বিজেপিৰ নতুন সমিতি গঠন আৰু এপ্ৰিলত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে।

ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুমোদন নোপোৱাৰ বাবেই মন্ত্ৰী সভা সম্প্ৰসাৰণ নোহোৱাৰ কথাও সাংবাদিকৰ আগত ব্যক্ত কৰে দাসে। আনহাতে সম্পত্তিৰ তালিকা নিদিয়া বিষয়াৰ পদোন্নতি বন্ধ কৰাৰ পক্ষপাতী বুলিও জনায় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।