বাইহাটা চাৰিআলিঃ তেওঁৰ ঘৰ ক’ত কোনেও নাজানে৷ সৰু টাউন খনলৈ ক’ৰ পৰা আহিল কোনেও নাজানে৷ নিজৰ ৰঙীন পৃথিৱী খনত সুখী তেও৷ তেওঁৰ শৈশৱ-যৌৱনৰ কথাও কোনেও নাজানে৷ তেওঁ এতিয়া বসবাস কৰি থকা সৰু টাউনখনৰ লোক হয় নে নহয় সেই কথাও কোনেও নাজানে৷ মাথো কেইদিনমানৰ আলহী হৈ আহিছিল তেওঁ৷ মানুহৰ মাজত বিলীন হৈ গৈছিল তেওঁ৷
মানুহৰ আদৰ-মৰম লাভ কৰি এদিন-দুদিনকৈ বহু বছৰ পাৰ কৰিলে সৰু টাউন খনত৷ এতিয়াৰ সম্ভ্ৰান্ত মানুহৰ টাউন খনৰ বাসিন্দা যদিও তেওঁৰ আজিও নাই নিজস্ব ঠিকনা৷ তেওঁ ঠিকনাবিহীন যাযাবৰ৷ দাড়ি-গোফে ভোবোকাৰ মুখমণ্ডলৰ মানুহজনক টাউনখনৰ সকলোৱে চিনি পায়৷ তেওঁক দেখিলে বিখ্যাত শিল্পী যেন লাগে৷ চিন্তাৰ সগৰত ডুবি থকা লোক যেন লাগে৷