আমগুৰিঃ আমগুৰিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং চাহ বাগিচাত আজি পুৱাতেই পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী বাঘ। বিগত কিছুদিন ধৰি বাগিচাখনত বাঘৰ উপস্থিতিৰ কথা জানিব পাৰি চাহ বাগিচা কৰ্তৃপক্ষই স্থানীয় হালোৱাটিং বন বিভাগৰ কাৰ্যালয়ক অৱগত কৰিছিল।
বন বিভাগৰ কৰ্মীয়ে যোৱা দহ দিনৰ পূৰ্বে বাগিচাখনত এটা লোৰ পিঞ্জৰা স্থাপন কৰাৰ পাছত আজি পুৱাতেই পিঞ্জৰাবদ্ধ হয় এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘ। পিঞ্জৰাসহ বাঘটোক ইতিমধ্যে হালোৱাটিঙৰ পৰা শিৱসাগৰ জিলা বন বিভাগৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছে। পৰৱৰ্তী সময়ত বাঘটোক সমীপৰ কোনো সুৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হ’ব।