newsnextone.com | গুৱাহাটীঃ সমাজক গতিশীল কৰি ৰখা শ্ৰম শক্তিটোৰ অন্যতম পৰিবহণ শ্ৰমিকসকল। শ্ৰমিকসকলে সমগ্ৰ জীৱন যুঁজ দি দেশৰ সেৱা কৰে বুলি কলে ভুলকৈ কোৱা নহ’ব। কেচা সামগ্ৰী কাৰখানালৈ নিয়া, উ९পাদিত সামগ্ৰী বিক্ৰীকেন্দ্ৰত ৰাইজৰ বাবে লৈ অহা, উ९সৱ পাৰ্বণত আন লোকসকল পৰিয়ালৰ সৈতে ব্যস্ত থকাৰ সময়তে চালকসকলে দিনে-নিশাই মানুহ অনা নিয়াত ব্যস্ত থাকে।
নিজৰ লৰা-ছোবালীৰ খবৰ নলৈ আনৰ লৰা-ছোৱালীক বিদ্যালয়ত অনা-নিয়াত ব্যস্ত থকা চালকসকলে দৰমহা নহয় সাধাৰণ মাননি লৈ ত্যাগৰ মনোবৃত্তিৰে সেৱা আগবঢ়ায় আহিছে। শ্ৰমিকসকলে তাৰ বিনিময়ত কেনেদৰে জীৱন নিৰ্বাহ কৰে সেই কথা ৰাইজে অৱগত। যাৰ বাবে শ্ৰমিকসকলে কৈ আহিছে আমি এই দেশৰে নাগৰিক আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰৰ দায়িত্ব আছে। সেয়েহে দীৰ্ঘ সময় ধৰি কেইবাটাও দাবী উত্থাপন কৰি আহিছে শ্ৰমিকসকলে।