ডিজিটেল ডেস্কঃ বজাৰত পোৱা নাযাব উইণ্ডোজ ফোন৷ বুধবাৰে নিশা মাইক্ৰছ’ফটে এই ফোনসমূহ বন্ধ হোৱাৰ সম্ভাৱনীয়তাৰ ইংগিত দিছে৷ প্ৰতিষ্ঠানটোৱে উইণ্ডজ 8.1ৰ ছফটৱেৰ ছিষ্টেম বন্ধ কৰাৰ কথা ঘোষণা কৰাটো নিশ্চিত হৈ পৰিছে৷

এক তথ্যই প্ৰকাশ কৰিছে যে ৮০%তকৈ অধিক উইণ্ডজ হেণ্ডছেটত এই ছফটৱেৰ সন্নিবিষ্ট হৈ আছে৷ মূলত বজাৰত দিনক দিনে বৃদ্ধি হৈছে এনড্ৰইড ফোনসমূহৰ চাহিদা৷ তদুপৰি  উইন্দোজ ফোনৰ ভাৰ্ছনসমূহৰ বাবে আপডেট কৰা নাই হোৱাটছ এপে৷ তদুপৰি বহু এপ সন্নিবিষ্ট হোৱা নাই এই ফোনসমূহত৷

আনহাতে লুমিয়া ১৫২০, লুমিয়া ৮৩০ আৰু লুমিয়া ৭৩৫ ইত্যাদি যিসমুহ হেণ্ডছেটত উইণ্ডজ  8.1 ডেনিম আপডেট আছে সেই হেণ্ডছেটসমুহ উইণ্ডজ  ১০ লৈ আপগ্ৰেড কৰিব পৰা যাব৷ কিন্তু আপগ্ৰেড কৰিবলৈও এই ফোনসমূহৰ ছফটৱেৰ বজাৰত পোৱা নাযায় বুলি জানি একাংশ গ্ৰাহকে অসন্তুষ্ট হৈছে।