গুৱাহাটীঃ যোৰহাট চহৰৰ মাজমজিয়াত মুখাধাৰী একাংশ মটৰ চাইকেল আৰোহীয়ে এগৰাকী কলেজীয়া ছাত্ৰীক নিৰ্যাতন চলোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ চৌদিশ উত্তাল হৈ থকাৰ সময়তেই সোমবাৰে বিষয়টো সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰা চৰম দায়িত্বহীন মন্তব্যই ৰাজ্যজুৰি তীৰ্ব প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মন্ত্ৰী পাটোৱাৰীয়ে উক্ত যুৱতী গৰাকী এছ এফ আই সদস্য আৰু প্ৰগতিশীল যুৱ প্ৰজন্মৰ উদ্ভাণ্ডালি বেছি বুলি কৰা মন্তব্যৰ পিছতেই যেন জ্বলা জুইত কোনোবাই ঘিউহে ঢালিলে। ৰাজ্যজুৰি ধিক্কাৰিত হ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

ৰাজ্যজুৰি চৰ্চিত হোৱা এনে এটা বিষয়ক লৈ চৰকাৰৰ দায়ীত্বশীল মন্ত্ৰী হিচাপে সদনত বিবৃতি দাঙি ধৰা আৰু পৰৱৰ্তী সময়ত নিৰ্যাতিতা ছাত্ৰী গৰাকী সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে সংবাদ  মাধ্যমৰ আগত উদ্ভট মন্তব্য প্ৰকাশ কৰি স্বাভাৱিকতে ছাত্ৰীগৰাকীক পুনৰবাৰ ৰজাঘৰীয়াই নিৰ্যাতন চলালে বুলি সৰ্বত্ৰ চৰ্চিত হৈছে।

জাতি, মাটি ভেটিৰ কথা কৈ শাসনৰ বাঘজৰী হাতত লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে পুনৰবাৰ নিজ মন্তব্যৰে নিৰ্যাতন চলালে এগৰাকী অসহায় যুৱতীক । আঢ়ৈ টকাতে এসাজ খাব পাৰি বুলি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী নীলমনি সেন ডেকাৰ সেই বিতৰ্কিত মন্তব্যৰ পিছত এতিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এই বিতৰ্কিত মন্তব্য।

উল্লেখ্য যে নীলমণি আৰু পাটোৱাৰী দুয়োজনে ধৰ্মপুৰ সমষ্টিৰ। ইয়াকে লৈ এতিয়া ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে এষাৰি বাক্যইঃ ধৰ্মপুৰীয়া বিধায়কে নকয় কি! ছাগলীয়ে নাখায় কি!