নতুন দিল্লীঃ চন্দ্ৰ মিছন দ্বিতীয়বাৰ ‘চন্দ্ৰযান-২’ৰ উৎক্ষেপণ কাৰিকৰী সমস্যাৰ বাবে ISROই স্থগিত কৰিছে৷ ইছৰোৰ তৰফৰপৰা সোমবাৰে পুৱতি নিশা ২.৫১ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধবন স্পেছ চেণ্টাৰৰপৰা উৎক্ষেপণ কৰাৰ কথা আছিল যদিও স্থগিত ৰখাৰ ফলত অতি শীঘ্ৰে নতুন তাৰিখৰ ঘোষণা কৰা হ’ব৷
‘চন্দ্ৰযান-২’ দেশৰ আটাইতকৈ শক্তিশালী ৰকেট GSLV MK-IIIৰপৰা উৎক্ষেপণ কৰাৰ কথা আছিল। প্ৰথমটো চন্দ্ৰ মিছনৰ সফলতাৰ ১১ বছৰৰ পিছত ৯৭৮ কোটি টকাৰ ব্যয়ত প্ৰস্তুত হোৱা চন্দ্ৰযান-২ৰ উৎক্ষেপণ কৰাৰ কথা আছিল।