Home ৰাজ্যখিলঞ্জীয়া দিৱসত চৰাইদেউত কলা পতাকা প্ৰদৰ্শন, অসমীয়াৰ প্ৰভুত্ব বিস্তাৰৰ বাবে আইনৰ পোষকতা

খিলঞ্জীয়া দিৱসত চৰাইদেউত কলা পতাকা প্ৰদৰ্শন, অসমীয়াৰ প্ৰভুত্ব বিস্তাৰৰ বাবে আইনৰ পোষকতা

by News Desk
92 views
A+A-
Reset

newsnextone.com | চৰাইদেউঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিয়ে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস পালন কৰে। ৰাষ্ট্ৰযন্ত্ৰৰ খিলঞ্জীয়া বিৰোধী কাম কাজ বিৰুদ্ধে  কলা পতাকা প্ৰদৰ্শন কৰি এই দিৱস পালন কৰে সংগঠনটোৱে। চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কলা পতাকা প্ৰদৰ্শন কৰি সংগঠনটোৰ নেতা-কৰ্মীয়ে অসমৰ অসমীয়াৰ হাতত অধিকাৰ প্ৰদানৰ দাবী জনায়। বিভিন্ন শ্ল’গান প্ৰদান কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমত অসমীয়াৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে।

বীৰ লাচিত সেনাই কয় যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ নায়। খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ অধিকাৰ সম্পদৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। ১৯৫১ চনক ভিত্তিবৰ্ষ কৰি অসমত এখন ভূমি আইনৰ পোষকতা কৰো। এনে এখন আইন লাগে যিখন আইনৰ জৰিয়তে অসমৰ মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ অসমীয়াৰ হাতত থাকে। বৃহস্পতিবাৰে কলা পতাকা প্ৰদৰ্শন বীৰ লাচিত সেনাই আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উপলক্ষে উৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এই মন্তব্য প্ৰকাশ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0