চৰাইদেউঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ লোকক অন্ধকাৰত ৰাখি সম্পাদনা কৰা নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট শীঘ্ৰে ৰাজহুৱা কৰাৰ লগতে আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবীত বৃহস্পতিবাৰে চৰাইদেউ জিলাত ক্ইবাটাও সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো চুক্তি মানি নলও বুলি হুংকাৰ দিয়ে সংগঠন সমূহে৷
ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰাত উজনি অসমত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে নাগালিম চুক্তি ৰাজহুৱা কৰাৰ দাবীত, আমচাঙৰ উচ্ছেদৰ বিৰোধিতা কৰি বৃস্পতিবাৰে সোণাৰি পাচ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। আদিবাসী সুৰক্ষা সমিতি, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, চাহ মজদুৰ সংঘ, কে এম এচ এচে শ শ লোকৰ উপস্থিতিত সমদল কৰি ৰাজ পথ উত্তাল কৰি তোলে৷