গোৰেশ্বৰঃ সমাজত আজিও অৱহেলিত, বঞ্চিত বিশেষ ভাৱে সক্ষম লোকসকল৷ সমাজ খনত মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ তেওলোকে নাপায়৷ সময়ে সময়ে চৰকাৰ নিজৰ ঘৰ খনৰ পৰা অৱহেলিত এইসকল লোক৷ তাৰ মাজতে, গোৰেশ্বৰ ৰাজহ চক্ৰ এলেকাৰ মহৰিপাৰাৰ উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনীয়ে যোৱা ২৮ নবেম্বৰত ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷
প্ৰতিষ্ঠা দিৱস উপলক্ষে সমাজত এলাগী বিশেষ ভাৱে সক্ষম লোকসকলৰ মনৰ অৱস্থাৰ বুজ লোৱা আৰু মানসিক ভাৱে উৎসাহিত কৰি সমাজত মৰ্যদা সহকাৰে জীয়াই থকাৰ এক পৰিৱেশ দিয়াৰ মানসেৰে উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনীয়ে এক বিশেষ আঅনুষ্ঠানৰ আয়োজন কৰে৷ আলেকজাৰী চুবুৰীত থকা স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ স্থায়ী কৰ্যালয়ত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।