ডিজিটেল ডেস্কঃ পাটাউদী পৰিয়ালৰ নবাবে লাভ কৰিলে শিশু দিৱসৰ উপহাৰ৷ উপহাৰ বুলি কলে চকলেট নতুবা ফুল নহয়৷ উপহাৰ হিচাপে লাভ কৰিছে ১ কোটি ৩০ লাখ টকৰা এখন গাড়ী৷ হয়, ইয়াকেই কোৱা হয় নবাব পৰিয়ালৰ ষ্টাইল। বি-টাউনৰ সকলোতকৈ জনপ্ৰিয় শিশু টাইমূৰৰ শিশু দিৱসৰ উপহাৰক লৈ এতিয়া বেছ চৰ্চা৷

শিশুদিৱস উপলক্ষে নবাব পৰিয়ালৰ কনিষ্ঠতম সদস্য তাইমুৰে উপহাৰ হিচাপে পালে ১ কোটি ৩০ লাখ টকীয়া গাড়ী। ১১ মাহীয়া তাইমুৰ আলি খানক বিলাসী জিপকম্পাছ গাড়ী উপহাৰ দিলে ছোটে নবাব ছৈঈফ আলি খানে। সোমবাৰে মুম্বাইত SRT-ৰ ৰঙা ৰঙৰ জিপকম্পাছ গাড়ীখন কিনা দেখা গৈছিল অভিনেতা ছৈঈফক।

এই গাড়ীৰ প্ৰথম যাত্ৰী কোন হ’ব বুলি কৰা সাংবাদীকৰ প্ৰশ্নত ছৈঈফে হাঁহি উত্তৰ দিয়ে, গাড়ীৰ পিছফালে থকা বেবিছিটত যিয়ে বহিব পাৰিব সেইজনে হ’ব এই গাড়ীৰ প্ৰথম যাত্ৰী৷

 আনহাতে পৰিয়াললৈ আহিল নতুন আলহী তথা ছোহা আলী খানৰ কন্যাক কি উপহাৰ দিলে জানিব পৰা হোৱা নাই৷ ছঈফ আলী খানৰ পুত্ৰ টাইমূৰ ডাঙৰ হৈ অহাৰ সময়তে পেহীয়েকে ছোহাই োৱা ২৯ ছেপ্তেম্বৰত জন্ম দিছিল কন্যা সন্তান এটিৰ৷

 

শিশু দিৱস উপলক্ষে পুত্ৰক কি উপহাৰ দিব বুলি সোধোতে কয়, এই গাড়ী খন তাইমুৰৰ বাবেই লোৱা হৈছে৷ তাইমুৰৰ হেনো ৰঙা ৰং বৰ প্ৰিয়৷

অহা ২০ ডিচেম্বৰত তাইমুৰ সম্পুৰ্ণ এবছৰীয়া হ’ব৷ এতিয়া এয়া লক্ষণীয় হৈ পৰিছে শিশু দিৱসতেই কোটি টকীয়া গাড়ী উপহাৰ দিয়া তাইমুৰে জন্মদিনত কি উপহাৰ লাভ কৰে৷