‘‘ইন্টাৰনেট হ’ল বিভিন্ন নেটৱৰ্কৰ এক আন্তস্ংযোগ ব্যৱস্থা, য’ত নেটৰ্ৱকৰ সহায়ত সংযোগ স্থাপন কৰি বিভিন্ন কাম নতুবা বিষয়, বাৰ্তা প্ৰেৰণ কৰাত সহায় কৰে৷ আনহাতে ৱাই-ফাইৰ অৰ্থ হৈছে তাঁৰবিহীনভাৱে সম্পূৰ্ণ সংযোগ। ইংৰাজী Wireless Fidelity শব্দ দুটাক সংক্ষেপে Wi-fi বুলি লিখা আৰু কোৱা হয়। ই দৰাচলতে কম্পিউটাৰ-ইন্টাৰনেটত ব্যৱহৃত এক পদ্ধতি। ৱাই-ফাইৰ জৰিয়তে কোনো তাঁৰ নোহোৱাকৈ এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ তথ্য সৰবৰাহ কৰিব পাৰি।’’
নতুন দিল্লীঃ সমগ্ৰ বিশ্বই বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ কৰাটো সম্ভৱ জানো! আপুনি এবাৰ হ’লেও এই বিষয়ত ভাবি চাইছেনে? যদি ই সম্ভৱপৰ হৈ উঠে তেন্তে ইয়াৰ লাভদায়ক দিশ কিমান হ’ব৷ হয়, এই বিষয়ত চীন দেশৰ LinkSure Network নামৰ এটা কোম্পানীয়ে পৃথিৱীৰ চাৰিওকাষে চেটেলাইটৰ আকৃতিৰ দৰে এক লানী(কানষ্টেলেচন) তৈয়াৰ কৰি বিনামূলীয়া ৱাই-ফাইৰ সেৱা আগবঢ়োৱাৰ বিষয়ে পৰিকল্পনা কৰিছে৷
চীনৰ LinkSure Network নামৰ কোম্পানীটোয়ে এই চেটেলাইৰ ব্যৱস্থা উত্তৰ-পশ্চিম চীনত অৱস্থিত গংচুৰ ‘জিওকুৱান চেটেলাইট লঞ্জ’ চেন্টাৰৰ পৰা অহা বছৰ মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ ২০২০ চনলৈ ১০ টাকৈ চেটেলাইটক মুকলি কৰা হ’ব৷ আনহাতে ইয়াৰ পাছত ছয় বছৰলৈকে এই কোম্পানীয়ে একেৰাহে চেটেলাইটৰ সংযোগ স্থাপন কৰি ২০২৬ চনলৈ ২৭২ টা চেটেলাইট মুকলি কৰা হ’ব বুলি এক প্ৰতিবেদনত জানিবলৈ দিয়ে৷
চীনৰ এক প্ৰতিবেদন অনুসৰি এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত সকলোৱে নিজৰ ফ’নৰ পৰা কানষ্টেলেচনত চাৰ্চ কৰি সংযোগ কৰিলে লাভ কৰিব বিনামূলীয়া ৱাই-ফাই৷ লগতে এই সেৱা টেলিকম নেটৰ্ৱক নথকা অঞ্চলটো ব্যৱহাৰ কৰিব পৰা যাব বুলি উল্লেখ কৰে কোম্পানীয়ে৷ কোম্পানীৰ চিঅ’ ৱাঙ জিংৱিংয়ে এই সেৱাৰ বাবে প্ৰায় তিনিহাজাৰ কোটি টকাৰ খৰচ বহন কৰিছে বুলি কয়৷ আনহাতে পাছলৈ গৈ এই কোম্পানীটোৱে ভাল উপাৰ্জন কৰিব বুলি বিশ্বাস কৰে ৱাঙ জিংৱিয়ে৷
আনহাতে ২০১৭ চনলৈকে বিশ্বৰ প্ৰায় ৩৯০ কোটি লোক ইন্টাৰনেট সোৱাৰ লগত কোনোধৰণৰ সম্পৰ্ক নাছিল৷ এই বিষয়ৰ প্ৰতি গুৰুত্ব ৰাখি বিশ্বৰ টেকন’জি কোম্পানী গুগ’ল, স্পেছ এক্স, টেলিচেট আৰু ওৱানৱেবে চেটেলাইট আৰু বেলুনৰ সহায়ত বিনামূলীয়া ইন্টাৰনেট সেৱা প্ৰদান কৰা কৰাৰ ওপৰত গুৰুত্ব দিছে বুলি জানিব পৰা গৈছে৷