গুৱাহাটীঃ দালাই লামা বৰ্তমান গুৱাহাটীত। সমগ্ৰ অসমবাসীৰ লগতে কিন্তু আধ্যাত্মিক গুৰু লামাৰ ওপৰত কঢ়া নজৰ ৰাখিছে চীনে। কিয়নো ভাৰত-চীন সীমান্তৱৰ্তী এলেকাত লামাৰ চাল-চলনক লৈ সন্দেহৰ আৱৰ্তত আছে চীনা চৰকাৰ।
অসমৰ নমামিৰ মহোৎসৱৰ লগতে ৪ তাৰিখৰপৰা অৰুণাচল ভ্ৰমণ কৰিব আধ্যাত্মিক গুৰুজনে। কিন্তু তাকে লৈ চিন্তিত হৈ পৰিছে চীনা চৰকাৰ। কেৱল চিন্তিত হোৱাই নহয়, হিমালয়ৰ পাদদেশৰ ভাৰত-চীন সীমান্তৱৰ্তী স্পৰ্শকাতৰ এলেকাত কেন্দ্ৰীয় চৰকাৰৰ সীমাক লৈ আগ্ৰাসনমূলক নীতিক নিন্দা কৰিছে চীনা চৰকাৰে।